বৰপেটাৰোড, 3 নৱেম্বৰ: "অসমৰ ডিটেনচন কেম্প হিন্দু সকলৰ বাবে নহয়, বাংলাদেশী মুছলমান সকলৰ বাবেহে ৷" এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷ বৰপেটাৰোড সাহিত্য সভা ভৱনত দেওবাৰে এন আৰ চি, ডি ভোটাৰ আৰু এফ টি কেছ সম্পৰ্কে অনুষ্ঠিত হোৱা এক সজাগতা সভাত অংশ লৈ এইদৰে বিতৰ্কিত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক শিলাদিত্য দেৱে এন আৰ চিত নাম নথকা বঙালী হিন্দুসকলক উদ্দেশ্যি কয় যে, আপোনালোকে যদি হিন্দু তেন্তে চিন্তা নকৰিব, হিন্দু মানেই ভাৰতীয় ৷ সেয়ে এন আৰ চিত নাম নাথাকিলেও বঙালীসকলক অলপো শংকিত নহ'বলৈ আহ্বান জনায় ৷
সজাগতা সভাত শিলাদিত্য দেৱে কয় যে, এন আৰ চিত নাম নথকা হিন্দু সকলৰ বাবে ডিটেনচন কেম্প নহয় বা নতুনকৈ বনাই থকা হোৱা নাই ৷ বাংলাদেশী মুছলমানসকলক আবদ্ধ কৰি ৰখাৰ বাবেহে ডিটেনচন কেম্প আছে আৰু নতুনকৈ বনাই থকা হৈছে ৷ তেওঁ আৰু কয় যে, বাংলাদেশী মুছলমান সকলক বাহিৰত নাৰাখে বিজেপিয়ে ৷ দেশ স্বাধীন কৰাৰ বাবে তেজ দিয়া সুভাষ চন্দ্ৰ বসু, ক্ষুদিৰাম বসুকলৈ গৌৰৱ কৰা লোকসকলৰ বংশধৰ সকলক নিজৰ মাতৃভূমিতেই বিদেশী সজোৱা কথাটোত মনত আক্ৰোশমূলক ভাৱ অহাটো স্বাভাৱিক বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সজাগতা সভাত বিধায়ক শিলাদিত্য দেৱে কয় যে - অসমৰ ধুবুৰী গোৱালপাৰা কৰিমগঞ্জ কাছাৰ জিলাত বাংলাদেশৰ সীমান্ত আছে আৰু এই সীমান্ত এলেকাত গৰিষ্ঠসংখ্যক মুছলমান মানুহ বসবাস কৰে ৷ সীমান্তৰ পৰা চালে বাংলাদেশৰ শ শ মুছলমান গাঁও দেখা পোৱা যায় ৷ সেয়ে মুছলমান গাঁও পাৰ হৈ হিন্দু বঙালী সকল কিদৰে ভাৰতবৰ্ষলৈ আহিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক শিলাদিত্য দেৱে ৷
1971 চনৰ পাচত এজনো হিন্দু বাঙালী অসমলৈ অহা নাই বুলি দাবী কৰে ৷ ইফালে, বিধায়ক শিলাদিত্য দেৱে কয় 1971 চনৰ পাছত মুছলমান বাংলাদেশী কাটাতাঁৰ পাৰ হৈ অসমলৈ আহি তেওঁলোকৰ নাম জালিয়াতিৰে এন আৰ চিত নাম সন্নিবিষ্ট কৰিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে, মুছলমান সকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছদিনাই কাগজ বনোৱাৰ কামত লিপ্ত হয় ৷ বঙালী হিন্দুসকলে জালি কাগজেৰে এন আৰ চিত নাম সন্নিবিষ্ট কৰা নাই বুলি দাবী কৰি বিধায়ক শিলাদিত্যই কয় যে, বঙালী হিন্দু সকলে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভাবে ৷