বৰপেটা, ২১ অক্টোবৰ : বৃহস্পতিবাৰে সম্পূৰ্ণ হ’ল দেশৰ ১০০ কোটি জনতাক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ যাৰ বাবে বিজেপিৰ কৰ্মী সকলে উদযাপন কৰিছে আজিৰ এই বিশেষ দিনটো ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰপেটাৰ হাউলী সামূহিক স্বাস্থ্য কেন্দ্ৰত আজি অৰ্থাৎ বৃহস্পতিবাৰে বিজেপিয়ে আয়োজন কৰে এক অভিনন্দন কাৰ্যসূচীৰ ৷
এই অনুষ্ঠানতে ক’ভিড মহামাৰীৰ সৈতে সন্মুখৰ পৰা যুঁজ কৰা সেনানী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ কৰ্মীসকলে ৷ হাউলি মণ্ডল বিজেপিৰ উদ্যোগত চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক উৎসাহিত কৰাৰ বাবে একোখন কৈ ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে হাউলী মণ্ডল বিজেপিৰ নেতা কৰ্মী সকলে । ক'ভিড ভেকচিন প্ৰদানৰ জৰিয়তে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে সাধাৰণ দেশবাসীৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয় ৰাজ্যিক বিজেপিৰ কৰ্ম কৰ্তা সকলে ৷
এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সদস্যা নিপা কলিতা, ডাঃ ভূপেশ চৌধুৰীৰ লগতে হাউলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী সকল ৷
উল্লেখ্য যে, চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ প্ৰতি বিজেপিয়ে আগবঢ়োৱা এনে সন্মানৰ বাবে হাউলী সামূহিক কেন্দ্ৰৰ চিকিৎসক ডাঃ ভূপেশ চৌধুৰীয়ে ধন্যবাদো জ্ঞাপন কৰে ৷ লগতে তেওঁ কয় যে, এতিয়াও যদি কোনো লোকে ক’ভিড প্ৰতিষেধক লোৱা নাই, তেতিয়া হ’লে শীঘ্ৰে লওক প্ৰতিষেধক ৷ আনকি তেওঁ কয় যে, ক’ভিড প্ৰতিষেধক ল’লে নহয় কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া ৷
লগতে পঢ়ক : নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘণ্টাৰ সময়সীমা প্ৰশাসনৰ