ETV Bharat / state

সৰভোগত শংকৰ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 14, 2021, 9:57 PM IST

দেওবাৰে বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে সৰভোগৰ উত্তৰ গণকগাড়ী কালী মন্দিৰ আৰু ঐতিহাসিক শ্ৰীশ্ৰীগৰখীয়া গোঁসাই থানত উপস্থিত হৈ ভগৱানৰ ওচৰত সেৱা লয় ৷ বৰনগৰ অঞ্চলৰ কুৰিটাতকৈও অধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি শংকৰ চন্দ্ৰ দাসক সৰভোগ সমষ্টিৰ বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ খবৰটোৱে উৎসাহিত কৰিছে সমষ্টিবাসীক ৷

ৰঞ্জিত কুমাৰ দাসৰ সৰভোগত এইবাৰ BJPৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাস

বৰপেটাৰোড,14 মাৰ্চ: ৰণজিৎ দাসৰ সলনি সৰভোগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব সেই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল ৷ বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, প্ৰাক্তন সাংবাদিক তথা জ্যেষ্ঠ বিজেপি নেতা শংকৰ চন্দ্ৰ দাসক এইবাৰ বিজেপিৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷

দেওবাৰে বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে সৰভোগৰ উত্তৰ গণকগাড়ী কালী মন্দিৰ আৰু ঐতিহাসিক শ্ৰীশ্ৰীগৰখীয়া গোঁসাই থানত উপস্থিত হৈ ভগৱানৰ ওচৰত সেৱা লয় ৷ বৰনগৰ অঞ্চলৰ কুৰিটাতকৈও অধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি শংকৰ চন্দ্ৰ দাসক সৰভোগ সমষ্টিৰ বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ খবৰটোৱে উৎসাহিত কৰিছে সমষ্টিবাসীক ৷

উল্লেখ্য যে, ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত সৰভোগ সমষ্টিত ১,৬৯,৩৪৭ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷ সেই নিৰ্বাচনত মুঠ প্ৰাৰ্থী ১৫ গৰাকী আছিল । শেষত বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ দাসে ৫৬,৪৫৪ (৩৩.৩৪ শতাংশ), কংগ্ৰেছৰ প্ৰাৰ্থী অনুৰূপা হান্নানে ৩৬, ৯২৮ (২১.৮১ শতাংশ), চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ২৯,০৮২ (১৭.১৭ শতাংশ), এআইইউডিএফ-ৰ প্ৰাৰ্থী ছামচুল হকে ১৭,৫০৪ (১০.৩৪ শতাংশ) টা ভোট পাবলৈ সক্ষম হয়। বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ দাসে ৫৬,৪৫৪ টা ভোটেৰে, কংগ্ৰেছ প্ৰাৰ্থী অনুৰূপা হান্নানক ১৯,৫২৬ ভোটত হৰুৱায় ৷

সৰভোগত শংকৰ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ

এইবেলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সৰভোগৰ সলনি পাটাছাৰকুছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হোৱাত সৰভোগত বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসক প্ৰাৰ্থিত্ব দিয়াত দেওবাৰে সমষ্টিটোত উপস্থিত হয় মঙলদৈৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷ এক নিৰ্বাচনী সভাত অংশলৈ সাংবাদিকক কয় সৰভোগ আৰু পাটাছাৰকুছি দুয়োটাতে বিজেপি জয়ী হ’ব ৷ কোনো ভেদাভেদ নাই ৰণজিৎ দাস আৰু শংকৰ চন্দ্ৰ দাসৰ লগত ৷ সৰভোগৰ ভোটাৰ পদুমৰ প্ৰতি আকৃষ্ট ৷ লগতে কংগ্ৰেছ কমিউনিষ্টক কমিউনেল আখ্যা দি অসম আৰু অসমীয়াৰ লগতে দেশৰো শত্ৰু বুলি কয় মঙলদৈৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

লগতে পঢ়কঃ নিউজ ডেস্কৰ পৰা বিশেষ ৰাজনৈতিক খবৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.