ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন : ভোট বৰ্জন কৰিলে বিষ্ণুপুৰবাসীয়ে - বিষ্ণুপুৰ

বৰপেটাৰ বিষ্ণুপুৰ গাঁওবাসীৰ ভোট বৰ্জন ৷ স্বাধীনতাৰ সময়ৰ পৰা চলি থকা ভোটকেন্দ্ৰ স্থানান্তৰিত কৰাক লৈ ক্ষোভ প্ৰকাশ গাঁওবাসীৰ ৷

bishnupur-villagers-denied-to-vote
বিষ্ণুপুৰ গাঁওবাসীৰ ভোট বৰ্জন
author img

By

Published : Apr 6, 2021, 10:39 AM IST

বৰপেটা,6 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই ভোট বৰ্জন কৰিছে বৰপেটাৰ বিষ্ণুপুৰ গাঁওবাসীয়ে ৷ জানিব পৰা মতে, 47 নং চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁওৰ ভোটকেন্দ্ৰ স্থানীয় 180 নং বাৰা নিন্ম বুনিয়াদী বিদ্যালয়ত আছিল যদিও শেহতীয়াকৈ কেন্দ্ৰটো 530 নং বৰবিলা প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে ।

বিষ্ণুপুৰ গাঁওবাসীৰ ভোট বৰ্জন

স্বাধীনতাৰ কালৰে পৰা চলি থকা ভোটকেন্দ্ৰটো স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি পূৰ্বৰ স্থানতে কেন্দ্ৰটো বাহাল ৰখাৰ দাবীত বিষ্ণুপুৰ গাঁওবাসীয়ে ইতিমধ্যে জিলা উপায়ুক্তক লিখিতভাৱে জনাইছিল যদিও কোনো সুফল লাভ নকৰিলে । ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গাঁওবাসীয়ে 180 নং বাৰা নিন্ম বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত একত্ৰিত হৈ ভোট বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে, উক্ত গাঁৱৰ 748 গৰাকী ভোটাৰে সাব্যস্ত নকৰিলে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ । জিলা প্ৰশাসনে ভোটকেন্দ্ৰটো পুনৰাই পূৰ্বৰ স্থানত বাহাল নৰখা পৰ্যন্ত অনাগত দিনতো ভোট বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে গাঁওবাসীয়ে । লগতে জিলা প্ৰশাসনক বাৰে বাৰে অৱগত কৰাৰ পাচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাতো জিলা প্ৰশাসনৰ হেমাহি বুলি ব্যক্ত কৰে ৷

লগতে পঢ়ক: বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংহীৰ ভোট সাব্যস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.