বৰপেটা, 25 মে’: পৱিত্ৰ ঈদৰ দিনাই বৰপেটাৰ কলগাছিয়াৰ কৰাৰকুৰত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত আহত হয় দুজন লোক, এজনৰ অৱস্থা সংকটজনক । আহত যুৱক দুজন হাউলিৰ কাতলিঝাৰৰ বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মটৰ চাইকেলত থকা আন এজন আৰোহীও আহত হয় দুৰ্ঘটনাটোত । সংকটজনক অৱস্থাত থকা যুৱকজনক লগে লগে স্থানীয় ৰাইজে বৰপেটা ফকৰুদ্দিন আলী আহমেদ হাস্পতাললৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: বৰমাত এজনৰ দেহত কোভিদ- ১৯ পজিটিভ