ETV Bharat / state

বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান

বৰপেটা জিলাৰ উত্তৰ অভয়াপুৰীৰ বালাপেট শংকৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত দৰ্শকক মুহিলে কন্ঠশিল্পী বিদ্যাসাগৰে । তেওঁৰ লগতে উপস্থিত থাকে কন্ঠশিল্পী পিংকী আহিষ্টা । প্ৰতিকূল বতৰকো নেওচি বিদ্যাসাগৰৰ সংগীতানুষ্ঠান উপভোগ কৰে সহস্ৰাধিক দৰ্শকে ।

author img

By

Published : Apr 30, 2019, 8:02 PM IST

বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান

বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা জিলাৰ উত্তৰ অভয়াপুৰীৰ বালাপেট শংকৰ মন্দিৰ প্ৰাংগণত ১৪ আৰু ১৫ বহাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু। অন্তিম দিনাৰ অনুষ্ঠানত বহুকেইটা বিহু দলে মুকলি বিহুত অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আছিল বিশিষ্ট কন্ঠশিল্পী বিদ্যাসাগৰ আৰু পিংকী আহিষ্টা। প্ৰতিকূল বতৰকো নেওচি বিদ্যাসাগৰৰ সংগীতানুষ্ঠান উপভোগ কৰে সহস্ৰাধিক দৰ্শকে।

বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান

তেওঁৰ সংগীতানুষ্ঠানে সহস্ৰাধিক দৰ্শকৰ মন আপ্লুত কৰা পৰিলক্ষিত হয়।

Intro:বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান। বিহু মঞ্চত গীতেৰে মুহিত কৰিলে হাজাৰ হাজাৰ দৰ্শকক। প্ৰতিকূল বতৰকো নেওচি ৰাইজে উপভোগ কৰিলে গীত। Body:
বৰপেটা জিলাৰ সীমামূৰীয়া গাঁও তথা উত্তৰ অভয়াপুৰীৰ মাণিকপুৰৰ নিকটৱৰ্তী বালাপেটত ১৪ আৰু ১৫ বহাগ তাৰিখে বালাপেট আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ উদযাপন কৰা হয় ৰঙালী বিহু। ১৪ বহাগ তাৰিখে নানা ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়। ১৫ বহাগ তাৰিখে আবেলি বহুকেইটা বিহু দলৰ অংশগ্ৰহণত অনুষ্ঠিত কৰা হয় মুকলি বিহু। মুকলি বিহুৰ অন্তত সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকে বিশিষ্ট কন্ঠশিল্পী বিদ্যাসাগৰ আৰু পিংকি আহিষ্টা। বিদ্যাসাগৰে তেওঁৰ কন্ঠেৰে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰা সহস্ৰাধিক দৰ্শকৰ মন আপ্লুত কৰিবলৈ সক্ষম হয়। তেখেতৰ গীতৰ অনুষ্ঠান চলি থকাৰ মাজতে বৰষুণ আহে যদিও দৰ্শক সকলৰ কিছুমানে মূৰৰ ওপৰত চকী তুলি লৈ, আন কোনোবাই তিতি ভিজি, নাচি বাগিয়ে বৰষুণৰ মাজতো বিদ্যাসাগৰৰ অনুষ্ঠান চোৱা পৰিলক্ষিত হয়।Conclusion:গুৱাহাটীৰ পৰা অহা বিদ্যাসাগৰৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ দুৰ দুৰণিৰ পৰা আহিল বহু লোক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.