ETV Bharat / state

বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ সৰ্বশক্তিৰে চেষ্টা চলাব বৰপেটা অগপই - বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ ৰাখিব অসম গণ পৰিষদ

বিজেপিৰ সপক্ষে বলা বতাহক কাৰ্যক্ষেত্ৰত পৰিণত কৰি যি কোনো প্ৰকাৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ কঁকালত টঙালি বান্ধিছে বৰপেটা অগপই ৷

বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ সৰ্বশক্তিৰে চেষ্টা চলাব বৰপেটা অগপই
author img

By

Published : Sep 25, 2019, 11:50 PM IST

বৰপেটা, 25 ছেপ্টেম্বৰঃ ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ ঢৌ ৷ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা ৷

বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ ৰাখিব অসম গণ পৰিষদে ৷ বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে সৰ্বশক্তিৰে চেষ্টা চলাব অগপই ৷

এই মন্তব্য বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ ৷ বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া মতে জনীয়াত এতিয়া বিজেপিৰ বতাহ বলিছে ৷ সেয়ে উপ নিৰ্বাচনত অগপই প্ৰাৰ্থীত্ব প্ৰদান নকৰে ৷ তাৰ পৰিৰ্বতে বিজেপিৰ সপক্ষে বলা এই বতাহক কাৰ্যক্ষেত্ৰত পৰিণত কৰি যি কোনো প্ৰকাৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ কঁকালত টঙালি বান্ধিছে বৰপেটা অগপই ৷

ইফালে এসময়ত জনীয়াত টিকট দিবলৈ প্ৰাৰ্থী বিচাৰি নোপোৱা বিজেপিৰ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি 36 জনে আবেদন কৰিছে ৷ আনকি সংখ্যালঘু অধ্যুষিত সমষ্টিটোত নতুনকৈ 27 হাজাৰ লোকে গ্ৰহণ কৰিছে বিজেপিৰ সদস্য পদ ৷ সেয়ে জনীয়া সমষ্টিতো দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগেৰে উঠি পৰি লাগিছে বিজেপি ৷ অৱশ্যে বিজেপিৰ এই আশা কিমানদূৰ ফলপ্ৰসু হয় তাৰ উত্তৰলৈ নিশ্চয়কৈ বাট চাব লাগিব ৰাইজে ৷

Intro:ঘোষণা হল তিনি উপসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম। তিনিটা সমষ্টিৰ পেনেলৰ চূড়ান্ত প্ৰাৰ্থীৰ নাম ঘোষণা।
সোনাৰীত নৱনীতা সন্দিকৈ, স্বাক্ষৰ গগৈ, অনুপ সিং ৰাজপুৰোহিত ।

Body:ৰাতাবাৰীত বিজয় মালাকাৰ , জয়দেৱ দাস, সুনীল বীণ
ৰঙাপাৰাত ৰাজেন বৰঠাকুৰ, বাটাছ ওৰাং , কেশৱ উপাধ্যায় । জনীয়া সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল এতিয়ালৈ ঘোষণা হোৱা নাই। দিলীপ শইকীয়াই জানিবলৈ দিয়া অনুসৰি জনীয়া সমষ্টিৰ প্ৰাৰ্থীত্ব ঘোষণাৰ দায়িত্ব দিয়া হৈছে সভাপতি ৰঞ্জিত দাসক।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.