ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি ভোগালী বিহুৰ উৰুকা - Barpeta Satra

Magh Bihu celebration : বৰপেটা সত্ৰৰ লগতে জিলাখনৰ বহু ঠাইত পুহৰ সংক্ৰান্তিৰ দিনটোত উদযাপন কৰা হৈছে মাঘ বিহুৰ উৰুকা ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পহিলা মাঘত উদযাপন কৰা হ’ব বিহু ৷

Magh Bihu celebration
বৰপেটাত আজি ভোগালী বিহুৰ উৰুকা
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 6:33 PM IST

পুহৰ সংক্ৰান্তিৰ দিনটোত উদযাপন কৰা হৈছে মাঘ বিহুৰ উৰুকা

বৰপেটা, 15 জানুৱাৰী : দেওবাৰে ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হ’ল ভোগালী বিহুৰ উৰুকা ৷ উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খোৱাৰ পিচত সোমবাৰে পুৱা মেজি জ্বলাই সেৱা লয় ৰাইজে ৷ কিন্তু ৰাজ্যৰ সৰ্বত্ৰে দেওবাৰে উৰুকা পালন কৰা হৈছে যদিও সত্ৰনগৰী বৰপেটাকে ধৰি বহু সত্ৰত সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰা অনুসৰি আজিহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা ৷

মাঘ বিহুৰ উৰুকাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা ৷ আজি পুৱাৰে পৰা বৰপেটা সত্ৰৰ বাইশখন হাটীত সমূহীয়াভাৱে বিৰিণাৰে নিৰ্মাণ কৰা হৈছে মেজি ৷ বৰপেটা সত্ৰৰ চৌদিশে ৰাইজে পুৰণিকলীয়া ৰীতিমতে মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ মেজি, ভেলাঘৰ নিৰ্মাণৰ নামত আধুনিকতাৰ ধামখুমীয়াত উটি যোৱা নাই বৰপেটাবাসী ৷

ইফালে উৰুকাৰ নিশা মেজি ৰখিবলৈ অহা ৰাইজে পৰম্পৰা অনুসৰি 'গাটাৰ আলু ভজা' খায় ৷ মাঘ বিহুৰ উৰুকাৰ নিশা বৰপেটাত 'গাটাৰ আলু ভজা' খোৱাটো এক পৰম্পৰা ৷ উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে 'গাটাৰ আলু ভজা' খোৱাটোহে এক দীৰ্ঘদিনীয়া পৰম্পৰা হিচাবে চিহ্নিত হৈ আহিছে ৷

উল্লেখ্য যে, সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ লগতে ইয়াৰ কাষৰীয়া পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি, বহৰি, মৈৰামাৰা আদি সত্ৰ সমূহৰ লগতে গাঁও সমূহত আজি পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা ৷ অতীতৰে পৰাই বৰপেটাত মূলতঃ সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহুকে ধৰি বিভিন্ন উৎসৱ পালন কৰি আহিছে ৷ এই পৰম্পৰা অনুসৰিয়েই বৰপেটাত আজি পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা ৷

ইফালে মঙলবাৰে অৰ্থাৎ মাঘৰ পহিলা দিনটোত বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰাৰ পিছতেই বৰপেটাৰ হাটী সমূহত সজা মেজি সমূহ জ্বলোৱা হ’ব ৷ আনহাতে ভোগালী বিহু উপলক্ষে পৰম্পৰা আনুসৰি বৰপেটা সত্ৰৰ মঠৰ চোতালত ঘোষা কীৰ্তন পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক : বাক্সাত মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.