বৰপেটাৰোড, 14 আগষ্টঃ ভগৱান শ্ৰীৰাম আৰু প্ৰধানমন্ত্ৰী মোডীকলৈ অশ্লীল ফটো ফেচবুকত আপল’ড কৰা বৰপেটাৰোডৰ এজন যুৱকক কৰায়ত্ত কৰি শুকুবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে,বৰপেটাৰোড চহৰৰ এক নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুল মজিদ খানৰ পুত্ৰ আনছাৰ খানে ভগৱান শ্ৰীৰাম আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অশ্লীল পষ্ট ফেচবুকত আপল’ড কৰিছিল ৷
ইপিনে অখিল ভাৰত হিন্দু মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি দীপাংকৰ শৰ্মাই বৰপেটাৰোড আৰক্ষী থানাত এখন দাখিল কৰিছিল ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে অভিযুক্ত আনছাৰ খানক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰি বৰপেটাৰ কাৰাগাৰলৈ নিক্ষেপ কৰে ৷
লগতে পঢ়কঃ ৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক