পাঠশালা,22 মাৰ্চ: বজালী জিলাৰ ভৱানীপুৰ সমষ্টিত সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে গাঁৱে-গাঁৱে সোমাই ভোটাৰ ৰাইজৰ কাষ চাপিছে ৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ভৱানীপুৰ সমষ্টিৰ ভোটাৰ ৰাইজেও অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাক আদৰি লোৱা পৰিলক্ষিত হৈছে ৷
ৰঞ্জিত ডেকাই সমষ্টিটোৰ উন্নয়নৰ বাবে বান সমস্যাৰ সমাধানৰ লগতে ভৱানীপুৰ সমষ্টিত এখন কৃষি বিশ্ববিদ্যালয়, শীতল ভঁৰাল, শিশু প্ৰকল্প, ক্রীড়া প্ৰকল্প আৰু সাংস্কৃতিক প্ৰকল্প স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে ৰাইজক ভৱানীপুৰক বজালী জিলাৰ এটা মহকুমা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে পঢ়ক : মন্ত্রী হিমন্ত বিশ্বক কমলাক্ষ দে পুৰকায়স্থৰ এয়া কিহৰ চেলেঞ্জ ?