বৰপেটা, ৩ মাৰ্চ: বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ উদ্যোগত বৰপেটা ৰোডত লোকসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উপলক্ষে অনুষ্ঠিত হৈ যায় এখন নাগৰিক অভিবৰ্তন । এই অভিবৰ্তনতে আহ্বায়ক সন্থাটোৱে বিজেপিৰ প্ৰতি আহ্বান জনাই নগাঁও লোকসভা সমষ্টিত হিন্দু বাঙালীক প্ৰাৰ্থিত্বৰ দাবী উত্থাপন কৰে । সন্থাটোৱে দাবী কৰা অনুসৰি হিন্দু বাঙালী ভোটে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা নগাঁও লোকসভা সমষ্টিটোত এগৰাকী হিন্দু বাঙালীক প্ৰাৰ্থীত্ব দিব লাগে । এই অভিবৰ্তনত সহযোগী আয়োজক হিচাপে আছিল স্বামী বিবেকানন্দ যুৱ সমিতি আৰু শ্বহীদ কনকলতা মহিলা সমিতি ।
অনুষ্ঠানত উপস্থিত থাকি বাঙালী উন্নয়ন সমিতিৰ ৰাজ্যিক সাধাৰন সম্পাদক সুৰেশ সৰকাৰে স্পষ্টভাৱে কয় যে, এইবাৰ তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এগৰাকী হিন্দু বাঙালী প্ৰতিনিধি লোকসভালৈ নিৰ্বাচিত হৈ যোৱাতো বিচাৰে । ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫৫ লাখ বাঙালী লোকৰ প্ৰতিনিধি হিচাপে সংসদলৈ এগৰাকী বাঙালী প্ৰতিনিধি যোৱাৰ দাবী উত্থাপন কৰি কয় যে, ২০ বছৰে সাংসদ হোৱা ৰাজেন গোহাঁইৰ পৰিৱৰ্তে এগৰাকী বাঙালী সম্প্ৰদায়ৰ লোকে প্ৰাৰ্থীত্ব কৰা উচিত । আনহাতে এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিকেই সমৰ্থন কৰিব বুলি জানিবলৈ দিয়ে সমিতিৰ নেতাগৰাকীয়ে ৷