ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াই কন্দুৱাইছে কলগাছিয়াৰ শওপুৰবাসীক

author img

By

Published : Aug 12, 2021, 10:35 PM IST

কলগাছিয়াৰ শওপুৰত বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে বেঁকী ব্ৰিজৰ গাইড বান্ধ । গাইড বান্ধৰ ওপৰত আশ্ৰয় লোৱা প্ৰায় ৫০ টাকৈ পৰিয়াল এতিয়া গৃহহীন হোৱাৰ পথত । বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল কেইটাই ।

beki river erosion
বেঁকী নৈৰ গৰাখহনীয়াই কন্দুৱাইছে কলগাছিয়াৰ শওপুৰবাসীক

জনীয়া,12 আগষ্ট : চপৰা চপৰে খহি গৰা ৷ অপোন ঘৰখন চকুৰ সন্মুখতে জাহ গৈছে নদীৰ বুকুত ৷ কাণষাৰ নিদিয়াৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ বেঁকী নৈয়ে শওপুৰত চলাইছে তাণ্ডৱ লীলা ৷ গৰাখহনীয়া কবলত পৰিছে কলগাছিয়াৰ শওপুৰ ৷ আশ্ৰয়হীন হৈ পৰিছে প্ৰায় 50টাকৈ পৰিয়াল ৷ এদিনতে বেঁকী নৈৰ বুকুত জাহ গৈছে প্ৰায় দহটা পৰিয়ালৰ ঘৰ-দুৱাৰ ।

উপায়হীন হৈ পৰিছে এতিয়া নৈ পৰীয়া ৰাইজ ৷ ক’ত যাব ? কি খাব ? নৈ পৰীয়া ভুক্তভোগী ৰাইজৰ অভিযোগ, কেৱল নিৰ্বাচনৰ সময়তহে আহে জন প্ৰতিনিধি ৷ বৰ্তমান শওপুৰৰ ৰাইজৰ খবৰ লব’লৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ পৰিছে এতিয়া নৈপৰীয়া ৷

beki river erosion
বেঁকী নৈত গৰাখহনীয়া

উল্লেখ্য যে, বেঁকী নৈৰ ওপৰত থকা কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ সম্প্ৰতি বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে । বিগত তিনি মাহ ধৰি হৈ থকা খহনীয়াৰ কবলত পৰি প্ৰায় ১০০ মিটাৰ গাইড বান্ধ ইতিমধ্যে বেঁকী নৈৰ বুকুত জাহ গৈছে । গাইড বান্ধত আশ্ৰয় লোৱা প্ৰায় ১০ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে প্ৰায় ৫০ টা পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকি ।

ফলত ভুক্তভোগী পৰিয়াল সমূহে মুকলি আকাশৰ তলতেই ৰন্ধা-বঢ়া কৰাৰ লগতে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে । অভিযোগ অনুসৰি, একাংশ বালি-মাফিয়াই অবৈধভাৱে বালি খনন কৰাৰ ফলত সৃষ্টি হৈছে এই খহনীয়া ৷ অবৈধভাৱে বালি খনন কৰাৰ ফলত বেঁকী নদীৰ সূঁতিত খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত চপৰা চপৰে খহিছে নদীৰ গৰা ৷

নিশ্চিহ্ন হ’বলৈ ধৰিছে বেঁকী ব্ৰিজৰ গাইড বান্ধ । শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৭৮ কোটি টকীয়া বেকী দলং আৰু বিকল্প ৰাজ্যিক ঘাই পথ বেকী নৈৰ কৱলত পৰাৰ আশংকা কৰিছে ৰাইজে ।

লগতে পঢ়ক: ম্যানমাৰত পিপলচ লিবাৰেচন আৰ্মীৰ দুটা ফৈদৰ সংঘৰ্ষত নিহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.