ETV Bharat / state

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান - বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান সুন্দৰীদিয়া সত্ৰৰ

মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি (Mahapurush Madhabdev Birth Anniversary celebrate at Barpeta) ৷ সুন্দৰীদিয়া সত্ৰই গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান কৰা হয় ৷

Basistha Dev Sarma conferred with Madhavdev Award by Sundaridiya Satra
বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান সুন্দৰীদিয়া সত্ৰৰ
author img

By

Published : May 18, 2022, 10:13 AM IST

বৰপেটা, 18 মে’ : বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত মঙলবাৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ (Mahapurush Madhabdev Birth Anniversary) ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত হয় মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠান ৷ উক্ত অনুষ্ঠানতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা(Burha Satriya Basistha Dev Sarma) প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷

Basistha Dev Sarma conferred with Madhavdev Award by Sundaridiya Satra
বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান সুন্দৰীদিয়া সত্ৰৰ

বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, সুন্দৰীদিয়া সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰী আৰু মইনবড়ী সত্ৰৰ অপূৰ্ব অধিকাৰীৰ উপস্থিতিত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীক সুন্দৰীদিয়া সত্ৰই এই বঁটা প্ৰদান কৰে(Basistha Dev Sarma gets Madhavdev Award) ৷ মাধৱদেৱ বঁটা গ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শংকৰদেৱ বঁটাপ্ৰাপক সংস্কৃতিৰ সাধকগৰাকীয়ে মাধৱদেৱ গুৰুজনাৰ নামত নিজ জন্মভূমিতে এনেদৰে সন্মানিত হ’বলৈ পাই অতিকে আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

বশিষ্ঠ দেৱ শৰ্মাই জীৱনকালত অনেক বঁটা, সন্মান লাভ কৰা বুলি প্ৰকাশ কৰি সম্প্ৰতি তেওঁৰ শাৰিৰীক অসুস্থতা ভুগি থকাৰ কথাও উল্লেখ কৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবেই বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱ, ব’হাগৰ দোমাহী আদিৰ অনুষ্ঠানত ভাগ ল’বলৈ নাপাই নিজ ঘৰতে চকুলো টুকিব লগা হয় বুলি জানিবলৈ দিয়ে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ শাৰিৰীক অসুস্থতা স্বত্বেও সত্ৰীয়া কাম-কাজত ভাগ ল’বলৈ হেপাহ কৰি থকাৰ কথা প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৷

লগতে পঢ়ক : Assam Floods: বানৰ বিভীষিকাৰ সময়ত মুখ্যমন্ত্ৰী দিল্লীত থকাক লৈ সমালোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.