ETV Bharat / state

দিপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞাঃ ব্যাপক ক্ষতিৰ সন্মুখীন বৰপেটাৰ আতচবাজী শিল্প - ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজী প্ৰস্তুত কৰা পৰিয়ালসমূহ | মহামাৰী ক'ৰণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৯ মাহ ধৰি বন্ধ হৈ আছিল বৰপেটাৰ আতচবাজী শিল্প ৷ শেহতীয়াভাৱে দিপাৱলীৰ বাবে বিভিন্ন ধৰনৰ আতচবাজী প্ৰস্তুত কৰি তুলিছিল পৰিয়ালসমূহে ৷ পৰিয়ালসমূহৰ ক্ষোভ-প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাক লৈ ৰাজনীতি কৰিছে ৷ থলুৱা আতচবাজী শিল্পৰ যিধৰনে ক্ষতিৰ সন্মুখীন হ'ল সেয়া পূৰণ কৰাতো সম্ভৱ নহ'ব ৷

as_bar_Barpeta's_firework_industry_facing_a_big_loss_img_as10038
ব্যাপক ক্ষতিৰ সন্মুখীন বৰপেটাৰ আতচবাজী শিল্প
author img

By

Published : Nov 14, 2020, 5:01 PM IST

বৰপেটা, ১৪ নৱেম্বৰ : আজি পোহৰৰ উৎসৱ দিপাৱলী ৷ মহামাৰী ক'ৰণাৰ ভয়াবহতাৰ মাজতে দেশবাসীৰ লগতে ৰাজ্যবাসীও ব্যস্ত হৈ পৰিছে দিপাৱলী পালন কৰাত ৷ কিন্তু তাৰ মাজতে কিন্তু এইবেলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজী প্ৰস্তুত কৰা পৰিয়ালসমূহ ৷ মহামাৰী ক'ৰণা আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৯ মাহ ধৰি বন্ধ হৈ আছিল বৰপেটাৰ আতচবাজী শিল্প ৷ শেহতীয়াভাৱে দিপাৱলীৰ বাবে বিভিন্ন ধৰনৰ আতচবাজী প্ৰস্তুত কৰি তুলিছিল পৰিয়ালসমূহে ৷

as_bar_Barpeta's_firework_industry_facing_a_big_loss_img_as10038
দিপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞা

কিন্তু দিপাৱলীৰ আগমুহূৰ্তত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে আতচবাজী শিল্পটোৰ সৈতে জড়িত পৰিয়ালসমূহৰ ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত আছে বৰপেটাৰ থলুৱা আতচবাজীৰ এক সুকীয়া চাহিদা ৷ কিন্তু গুৱাহাটীত আতচবাজীৰ বিক্ৰীত নিষেধাজ্ঞা জাৰিৰ ফলতেই বৰপেটাৰ শিল্পীসকলে প্ৰস্তুত কৰা আতচবাজী সমূহ পঠিয়াব নোৱাৰিলে গুৱাহাটীলৈ ৷ যাৰ ফলত ব্যপক লোকচানৰ সন্মুখীন হৈছে পৰিয়াল সমূহ ৷

শিল্পটোৰ সৈতে জৰিত পৰিয়ালসমূহৰ ক্ষোভ-প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাক লৈ ৰাজনীতি কৰিছে ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পূৰ্বেই যদি ফটকাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিলেহেঁতেন, তেন্তে আতচবাজী শিল্পৰ সৈতে জড়িত শিল্পীৰ পৰিয়ালসমূহ ক্ষতিৰ সন্মুখীন নহ'লহেতেন ৷ চৰকাৰী সিদ্ধান্তৰ ফলত বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ যিধৰনে ক্ষতিৰ সন্মুখীন হ'ল সেয়া পূৰণ কৰাতো সম্ভৱ নহ'ব বুলিও মন্তব্য কৰে শিল্পীপৰিয়ালসমূহে ৷

লগতে পঢ়ক: গোলাঘাটত শিশু ফুটবল প্ৰতিযোগিতা মুকলি বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.