ETV Bharat / state

বৰপেটাৰ ধনজিৎ দাসৰ আলফাত যোগদান - barpeta youth joins ulfa

পুনৰ আলফা(স্বাঃ) লৈ সোঁত বৈছে অসমীয়া যুৱকৰ (Assamese youth joining ULFA) । ৫জনকৈ যুৱকে আলফা(স্বাঃ) ত যোগদান কৰা খবৰ প্ৰকাশিত হৈছিল বুধবাৰৰ দিনটোত । ৫ জনৰে এজন বৰপেটাৰ ধনজিৎ দাস ।

barpeta youth joins ulfa
বৰপেটাৰ ধনজিৎ দাসৰ আলফাত যোগদান
author img

By

Published : Mar 24, 2022, 7:50 PM IST

বৰপেটা ২৪ মাৰ্চ: শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই আলফা (স্বাঃ) লৈ ধাৱমান অসমীয়া যুৱক (Assamese youth joining ULFA) । শেহতীয়াকৈ নামনি আৰু উজনি অসমৰ মুঠ ৫ জনকৈ যুৱক ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিৱিৰত উপস্থিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল বুধবাৰে । এই ৫ যুৱকৰ ভিতৰত এজন বৰপেটাৰ ধনজিৎ দাস । বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা ধনজিতৰ ঘৰখনত এতিয়া কান্দোনৰ ৰোল (barpeta youth joins ulfa ) ।

বৰপেটাৰ ধনজিৎ দাসৰ আলফাত যোগদান

৪ বছৰীয়া সন্তানকলৈ চকুলো টুকিছে ধনজিতৰ পত্নীয়ে । পিছে পত্নী আৰু সন্তানক এৰি থৈ কি কাৰণত আলফাত যোগদান কৰিলে তাক লৈ পত্নীৰ চকুত চকুপানী ৷ ঘৰুৱা আৰ্থিক অৱস্থা অতিকে বেয়া পৰিয়ালটোৰ ৷ বৰপেটা চহৰৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দি আছিল ধনজিৎ দাসে ৷ ৪ বছৰীয়া পুত্ৰ সন্তানটোৰ অসুস্থতাৰ বাবে বিগত প্ৰায় ডেৰমাহমান ধনজিৎ দাসৰ পত্নীয়ে পিতৃৰ ঘৰত আছিলগৈ ৷

প্ৰতি দেওবাৰে শহুৰেকৰ ঘৰলৈ গৈ খবৰ লৈ আহে পত্নী পুত্ৰৰ ৷ কিন্তু বৰপেটাৰ দৌল মহোৎসৱৰ পিচদিনাৰ পৰাই পত্নীৰ সৈতে হেনো কোনো ধৰনৰ যোগাযোগ নাই যুৱকজনৰ ৷ নিজ স্বামী আলফালৈ যোৱাক লৈ উৱাদিহ হেৰুৱাই পেলাইছে পত্নীয়ে ৷ কি কাৰণত আলফালৈ গ'ল তাক লৈ অনেক প্ৰশ্ন পত্নীৰ মনত ৷ এতিয়া শিশু সন্তানটোক লৈ কিদৰে চলিব তাকে লৈয়ো বিমোৰত পৰিছে মহিলাগৰাকী ৷

তেওঁৰ স্বামীক ওভতাই পঠাবলৈকো কাতৰ অনুৰোধ জনাইছে পত্নীয়ে ৷ ধনজিতৰ পত্নীয়ে জনোৱামতে, সংবাদমাধ্যমৰ পৰাহে প্ৰথমতে এই খবৰ লাভ কৰিছিল ৷ তাৰপিচত আৰক্ষীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে ৷ আজি গহিয়া গাৱৰ পিতৃৰ ঘৰৰ পৰা আহি বৰপেটাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক: TET teachers protest : হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.