বৰপেটা,30 অক্টোবৰ : বৰপেটা চহৰৰ 1 নং ৱাৰ্ডৰ ঘোঁৰামাৰা হাটীলৈ যোৱা পানীমল পথৰ দুৰৱস্থা ৷ বিটি ৰোডৰ পৰা ঘোঁৰামাৰা হাটীলৈ যোৱা এই পথটোৰ বাবে ৱাৰ্ডটোৰ বহু সংখ্যক পৰিয়ালে যাতায়াতৰ নামত ভোগ কৰি আহিছে যাতনা ৷ বাৰিষা হ’লেই পথতো পানীৰ তলত ডুব যায় ৷
পথতো ঠেক হৈ পৰাৰ ফলত পথটোৰে সোমাব নোৱাৰে চাৰিচকীয়া বাহন,এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ ইয়াৰ ফলত ৰোগীসকলক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হয় ৱাৰ্ডটোৰ লোকসকল ৷ ইফালে ৱাৰ্ডটোৰ বহুসংখ্যক লোক মৃৎ শিল্পৰ সৈতে জড়িত হোৱাৰ বাবে মৃৎশিল্পীসকল অহা-যোৱা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ পথটো নিৰ্মাণ কৰাৰ বাবে স্থানীয় বিধায়কক বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো পথতো নিৰ্মাণ হৈ নুঠিল ৷
ৱাৰ্ডটোৰ বাসিন্দাসকলৰ অভিযোগ অনুসৰি,বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ ঘৰৰ পৰা মাত্ৰ 500 মিটাৰ আৰু পৌৰসভা কাৰ্যালয়ৰ পৰা 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত পানীমল পথটোৰ এনে দূৰৱস্থা হোৱা সত্বেও পথতো নিৰ্মাণৰ ক্ষেত্ৰত পৌৰসভা বা বৰপেটা সমষ্টিৰ বিধায়কে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইয়াকে লৈ অসন্তুষ্ট ৱাৰ্ডটোৰ একাংশ লোক ৷ আগন্তুক নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত নকৰাৰ সকীয়নি প্ৰদান কৰিছে ৱাৰ্ডটোৰ লোকসকলে ৷
লগতে পঢ়ক : জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন