ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত SSB জোৱান আৰু আৰক্ষীৰ ৰোড মাৰ্চ

জিলাখনৰ বিভিন্ন স্থানত নাকা চেকিং, পেট্ৰ'লিং, ৰ'ডমাৰ্চৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ বৰপেটাৰোড, সৰভোগ, হাউলী আদি চহৰত এছ এছ বি জোৱান আৰু আৰক্ষীৰ জোৱানসকলে ৰ'ড মাৰ্চত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

author img

By

Published : Aug 14, 2020, 10:01 PM IST

Barpeta
বৰপেটা

বৰপেটা, ১৪ আগষ্টঃ শনিবাৰে দেশজুৰি উদযাপন কৰা হ'ব ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ বৰপেটাতো স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ স্বাধীনতা দিৱস পালনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে সমগ্ৰ বৰপেটা জিলাতে আৰম্ভ কৰিছে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা ৷

স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত SSB জোৱান আৰু আৰক্ষীৰ ৰোড মাৰ্চ

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

জিলাখনৰ বিভিন্ন স্থানত নাকা চেকিং,পেট্ৰ'লিং,ৰ'ডমাৰ্চৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ বৰপেটাৰোড,সৰভোগ,হাউলী আদি চহৰত এছ এছ বি জোৱান আৰু আৰক্ষীৰ জোৱানসকলে ৰ'ড মাৰ্চত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ শুকুৰবাৰে বৰপেটাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এইদৰে ৰ'ড মাৰ্চত অংশগ্ৰহণ কৰে এছ এছ বি জোৱান আৰু আৰক্ষীৰ লোকসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.