ETV Bharat / state

Land dispute clash: বৰপেটা সত্ৰৰ ভূমিত দুই ভূ-মাফিয়াৰ দপদপনি - Land dispute clash

এইবাৰ বেদখলকাৰী কবলত বৰপেটা সত্ৰৰ ভূমি ৷ মাজৰগাঁৱৰ নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই সত্ৰৰ ভূমি কিনা বেচা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ Barpeta Satra land encroachment by land mafia)৷

Land dispute clash of Barpeta Satra land by land mafia
বৰপেটা সত্ৰৰ ভূমিত দুই ভূ মাফিয়াৰ দপদপনি
author img

By

Published : May 30, 2023, 4:16 PM IST

বৰপেটা সত্ৰৰ ভূমিত দুই ভূ মাফিয়াৰ দপদপনি

বৰপেটা, ৩০ মে’ : বৰপেটাত অব্যাহত আছে ভূ-মাফিয়াৰ গুণ্ডাগিৰি (Land dispute clash)৷ এইবাৰ বৰপেটা সত্ৰৰ ভূমিত ভূ-মাফিয়াৰ গুণ্ডাগিৰিৰ খবৰ পোহৰলৈ আহিছে (Land encroachment by Land mafia) ৷ চৰকাৰ, আইন, জিলা প্ৰশাসনৰ প্ৰতি কোনো কেৰেপ নকৰি মাজৰগাঁৱৰ নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই বৰপেটা সত্ৰৰ ভূমিত গুণ্ডাগিৰিৰে বেদখল চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে (Barpeta Satra land encroachment by land mafia) ৷

বৰপেটা সত্ৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰত অৱস্থিত মাজৰগাঁৱৰ দৃশ্যই আপোনাৰো চকু কঁপালত তুলিব ৷ স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি বৰপেটা সত্ৰৰ প্ৰায় ১২৬ বিঘা নিস্পি খেৰাজ মাটিত নুৰুল আৰু চুবুৰৰ নেতৃত্বত চলিছে মাফিয়াৰাজ ৷ নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই সত্ৰৰ সমস্ত মাটি বেদখল কৰি লৈ চলাইছে লুন্ঠন ৷ এই দুই ভূ-মাফিয়াই সত্ৰৰ প্ৰতিবিঘা মাটি একাংশ বাহিৰৰ পৰা লোকক বিক্ৰী কৰি আছে লাখ লাখ টকাত ৷ সম্প্ৰতি এই ভূমিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বেদখলকাৰীৰ ঘৰ ৷

কেৱল এয়াই নহয়, স্থানীয় লোকে অভিযোগ কৰা অনুসৰি সত্ৰৰ ভূমিত দিনে নিশাই এক্সকেভেটৰ চলাই যধে-মধে মাটি খান্দি বিক্ৰী কৰি আছে নুৰুল আৰু চুবুৰ নামৰ দুই ভূ-মাফিয়াই ৷ মঙলবাৰে জিলা উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে আজি চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী উপস্থিত হৈ সত্ৰৰ ভূমিত চলি থকা বেদখল সম্পৰ্কে চৰজমিন তদন্ত কৰি বেদখল হোৱাটো সত্য বুলি প্ৰকাশ কৰে ৷ সত্ৰৰ ভূমিত চলি থকা বেদখল সম্পৰ্কে অতি সোনকালে জিলা উপায়ুক্তৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব চক্ৰ বিষয়াৰ কাৰ্যালয়ে ৷

ইফালে গাঁওখনত দুই ভূ-মাফিয়াৰ পৰা ভূমি ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰে খোদ সেই অঞ্চলত নতুনকৈ বসবাস কৰা লোকসকলে ৷ বানত তেওঁলোক গৃহহীন হোৱাৰ বাবে চুবুৰৰ পৰা এই ভূমি ক্ৰয় কৰিছিল পৰিয়ালকেইটাই ৷ আনকি চুবুৰক ভূমিৰ নামত খাজনাও দি আহিছে পৰিয়ালকেইটাই ৷

লগতে পঢ়ক: Eviction in Orang Nationnal park:ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.