ETV Bharat / state

ডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা - থিয় নাম

ডেকা সত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সকলোবোৰ ৷ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে প্ৰিয় ব্যক্তিগৰাকীক ৷ 2009 চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈছিল নৱজিৎ দাস ৷ এক শংকৰী কলা-কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ডেকাসত্ৰীয়া জনে ৷

Barpeta Satra Deka Satriya Nabajit Das passed away

author img

By

Published : Aug 25, 2020, 6:21 PM IST

বৰপেটা, 25 আগষ্ট : কান্দোনৰ ৰোল উঠিছে বৰপেটা সত্ৰত ৷ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ দেহৱসানে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বৰপেটাৰ লগতে ৰাজ্যবাসীক ৷ ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ জগতখনৰ এটি চিনাকী নাম আছিল নৱজিৎ দাস ৷ সোমবাৰে নিশা 2.30 বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে ডেকাসত্ৰীয়া গৰাকীয়ে ৷

Deka Satriya Nabajit Das
ডেকাসত্ৰীয়া নৱজিৎ দাস

ডেকা সত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সকলোবোৰ ৷ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে প্ৰিয় ব্যক্তিগৰাকীক ৷ 2009 চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈছিল নৱজিৎ দাস ৷ এক শংকৰী কলা-কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ডেকাসত্ৰীয়া জনে ৷

Barpeta Satra Deka Satriya Nabajit Das passed away
গায়ন-বায়নেৰে নৱজিৎ দাসৰ অন্তিম যাত্ৰা

সত্ৰীয়া সংস্কৃতিৰ অন্যতম বাহক নৱজিৎ দাস আছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নাম দলৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী ৷ ভাৰত চৰকাৰৰ তত্বাৱধানত 1987 চনত আন্দামান নিকোবৰ দীপপুঞ্জত ডেৰমাহ কাল সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ দিছিল নৱজিৎ দাসে ৷ থিয় নাম, যুগল কীৰ্তন আদিৰ অগ্ৰণী শিল্পী আছিল ডেকাসত্ৰীয়াগৰাকী ৷

ডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা

হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ থকা নৱজিৎ দাসৰ যোৱা 22 মে’ত বাইপাছ অপাৰেশ্যন সম্পন্ন কৰা হৈছিল ৷ অপাৰেশ্যনৰ পাচত নিজ বাসগৃহতে থকা অৱস্থাত দুদিনমান আগৰে পৰা জ্বৰত ভূগি আছিল ডেকা সত্ৰীয়াগৰাকীয়ে ৷ আৰু অৱশেষত অগণন গুণমুগ্ধক শোক সাগৰত পেলায় ইহ সংসাৰৰ পৰা মেলানী মাগিলে নৱজিৎ দাসে ৷ সত্ৰৰ ৰীতি অনুযায়ী বৰপেটা সত্ৰৰ হাৰিজানৰ খটখটিৰ পাৰতে ডেকাসত্ৰীয়া গৰাকীৰ নশ্বৰ দেহ সৎকাৰ হৈছে ৷ তেওঁৰ বিয়োগ সত্ৰীয়া সংস্কৃতিৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব ৷

লগতে পঢ়ক : শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.