ETV Bharat / state

বৰপেটাত চৰকাৰলৈ বাট নাচাই ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

বৰপেটা জিলাৰ কেবাটাও জৰাজীৰ্ণ পথে ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাই আহিছে ৷ জিলাখনৰ সদৰ বৰপেটা চহৰৰ গান্ধীনগৰৰ গান্ধীপথটো দীৰ্ঘকালৰ পিচতো পকীকৰণ নোহোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সদায়েই যমৰ যাতনা ভুগি অহা বুলি উল্লেখ কৰে ৷ ৰাইজে স্থানীয় বিধায়কৰ লগতে জিলা প্ৰশাসন আৰু পৌৰ-নিগমৰ কৰ্তৃপক্ষক পথটো পকীকৰণ কৰাৰ বাবে বছৰ-বছৰ ধৰি আবেদন কৰাৰ পিচতো পথতো মেৰামতি বা পকীকৰণৰ ক্ষেত্ৰত কোনো সুফল লাভ কৰা নাই বুলি ৰাইজে আক্ষেপ কৰে ৷

BARPETA PUBLIC REPAIRING POOR ROAD
বৰপেটাত চৰকাৰলৈ বাট নাচাই ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ
author img

By

Published : Jul 29, 2020, 4:57 PM IST

বৰপেটা, 29 জুলাই : কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো অঞ্চল উন্নত কৰাৰ বাবে চেষ্টা চলাই আহিছে ৷ প্ৰতিখন গাঁও,প্ৰতিটো পথ পকীকৰণ কৰি ডিজিটেল মাধ্যম সংযুক্ত কৰাৰ পোষকতা কৰি আহিছে ৷ কিন্তু চৰকাৰে ৰূপায়ন কৰা আঁচনিয়ে বৰ্তমানেও যেন ঢুকি পোনা নাই ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ যাৰ বাবে জৰাজীৰ্ণ পথৰ মাজেৰেই অব্যাহত ৰাখিব লগা হৈছে অঞ্চলবাসী ৰাইজে যাতায়ত ৷

বৰপেটাত চৰকাৰলৈ বাট নাচাই ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

বৰপেটা জিলাৰ কেবাটাও জৰাজীৰ্ণ পথে ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাই আহিছে ৷ জিলাখনৰ সদৰ বৰপেটা চহৰৰ গান্ধীনগৰৰ গান্ধীপথটো দীৰ্ঘকালৰ পিচতো পকীকৰণ নোহোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সদায়েই যমৰ যাতনা ভুগি অহা বুলি উল্লেখ কৰে ৷

বিশেষকৈ পথতো পকীকৰণ হৈ নুঠাৰ ফলত বাৰিষাৰ বতৰত পথটোৰে যাতায়াত কৰাটো অসম্ভৱ হৈ পৰে ৷ অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়কৰ লগতে জিলা প্ৰশাসন আৰু পৌৰ-নিগমৰ কৰ্তৃপক্ষক পথটো পকীকৰণ কৰাৰ বাবে বছৰ-বছৰ ধৰি আবেদন কৰাৰ পিচতো পথতো মেৰামতি বা পকীকৰণৰ ক্ষেত্ৰত কোনো সুফল লাভ কৰা নাই বুলি ৰাইজে আক্ষেপ কৰে ৷ শেহতীয়াভাৱে ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত এই পথটো যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাত যানবাহন চলাচল কৰাৰ লগতে পথচাৰী সকলে অহাযোৱা কৰাত কষ্ট ভোগ কৰিব লগা হৈছে ৷

ইফালে,চৰকাৰলৈ বাট নাচায় বুধবাৰে স্থানীয় একাংশ লোকে পথতো নিজেই মেৰামতি কৰিবলৈ ওলাই আহে ৷ চহৰখনৰ গুৰুত্বপূৰ্ণ গান্ধীপথটো পৌৰসভা, জিলা প্ৰশাসন বা স্থানীয় বিধায়কৰ চকুত নপৰাক লৈ ক্ষোভ ব্যক্ত কৰি ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি পথতো কিছু পৰিমাণে যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ আনহাতে,অনতিপলমে এই পথটো পকীকৰণ কৰাৰ বাবে স্থানীয় বিধায়কৰ লগতে ৰাজ্য চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : অস্থায়ী শিবিৰৰ বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.