ETV Bharat / state

চাউলৰ চোৰাং ব্যৱসায়ীক ৰঙা ঘৰত ভাত খোৱাৰ ব্যৱস্থা কৰিলে আৰক্ষীয়ে - ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা

ৰপেটাৰ পৰা বাংলাদেশলৈ চলি আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ  চোৰাং বেহা ৷ আৰক্ষীৰ অভিযানত আটক চাৰিজন চোৰাং ব্যৱসায়ী ৷

barpeta police arrests 4 illegal rice trader
চাউলৰ চোৰাং ব্যৱসায়ীক ৰঙা ঘৰত ভাত খোৱাৰ ব্যৱস্থা কৰিলে আৰক্ষীয়ে
author img

By

Published : Sep 9, 2021, 9:01 PM IST

বৰপেটা ৯ ছেপ্টেম্বৰ : ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বৰপেটাৰ পৰা বাংলাদেশলৈ চলি থকা চোৰাং বেহাৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান ৷ বৰপেটাত পিডিএছৰ চাউলৰ চোৰাং ব্যৱসায়ৰ জৰিত থকাৰ অভিযোগত ৪ জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ফৰিদুল হ'ক আৰু ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে আব্দুল মালেক আৰু নীজাম খানকো সোধপোচৰ বাবে আটক কৰে ৷

ধৃত ফৰিদুল হ'ক পেছাত এজন গাড়ী চালক আৰু ছাহজাহান আলী এটা অবৈধ গুদামৰ মালিক ৷ ছাহজাহান আলীয়ে উক্ত গুদামটোত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত কৰাৰ অভিযোগ কৰিছে আৰক্ষীয়ে ৷ ইপিনে আটক কৰা আব্দুল মালেক আৰু নীজাম খান পালহাজীৰ আজাদ সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, চাৰিওজনেই শেহতীয়াকৈ চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হৈছে ৷

জানিব পৰা মতে, যোৱা ২৮ আগষ্টত পাটবাউসীৰ কাঁহিবাৰীত এটা অবৈধ চাউলৰ গুদামত এইদৰে অভিযান চলাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমানৰ চোৰাং চাউল জব্দ কৰিছিল আৰক্ষীয়ে ৷ চোৰাং চাউলৰ উক্ত গোচৰটোৰ অনুসন্ধানৰ ভিত্তিতে উক্ত চাৰিজন লোকৰ দুজনক আটক আৰু দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি, এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : জল পৰিবহণ উন্নয়নৰ বাবে বিশ্ব বেংকে দিয়া ধন ক'লৈ গ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.