ETV Bharat / state

Truck hijack case: মেঘালয়ত উদ্ধাৰ চুৰি হোৱা ট্ৰাক, গ্ৰেপ্তাৰ ৩ জন - Barpeta police raid against car theft racket

গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান । ১৪ চকীয়া ট্ৰাক চুৰিৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ (3 nabbed for truck hijacking in Barpeta)। ১ লাখ টকাত বিক্ৰী কৰা হৈছিল ট্ৰাকখন । মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ চুৰি হোৱা ট্ৰাকখন ।

Truck hijack case
মেঘালয়ত উদ্ধাৰ চুৰি হোৱা ট্ৰাক
author img

By

Published : Dec 23, 2021, 9:44 PM IST

বৰপেটা, ২৩ ডিচেম্বৰ : ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ । কেতিয়াবা যদি ভাড়াতীয়াৰ ৰূপত গাড়ীৰ চালকক হত্যা কৰি গাড়ী লৈ যায় কেতিয়াবা আকৌ চালকেই গাড়ী বিক্ৰী কৰি আত্মগোপন কৰাৰ ঘটনা সংঘটিত হয় ৷ ইয়াৰ মাজতে বৰপেটাত গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী । বৰপেটাৰ পৰা ১৪ চকীয়া ট্ৰাক চুৰি কৰি গ্ৰেপ্তাৰ তিনিজনীয়া এটা দল (3 nabbed for truck hijacking in Barpeta)।

উল্লেখ্য যে প্ৰায় ২১ টন জলকীয়া গুৰি আৰু হালধি গুৰি ভৰ্তি AP-TB-৫৭৭৮ নম্বৰৰ ১৪ চকীয়া ট্ৰাকখন অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ পৰা অসমৰ শিলচৰলৈ ৰাওনা হৈছিল । কিন্তু উক্ত ট্ৰাকখনৰ চালকে বৰপেটা পোৱাৰ পাছতে ট্ৰাকৰ মালিকৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল ৷ এই সংক্ৰান্তত লালচান আলী নামৰ ট্ৰাকৰ মালিকে এক এজাহাৰ দাখিল কৰে ৷ তাৰ পাছতে বৰপেটা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷

মেঘালয়ত উদ্ধাৰ চুৰি হোৱা ট্ৰাক
অনুসন্ধানত বাহনখনৰ চালক আতোৱাৰক আগমন্দিয়াৰ পৰা আটক কৰি জেৰা চলোৱা হয় । আতোৱাৰ আলীয়ে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা মতে বাহনখন গৌতম সৰকাৰ নামৰ লোক এজনৰ তাত বিক্ৰী কৰিছিল । সেই তথ্যৰ ভিত্তিত তাৰাবাৰীৰ পৰা গৌতম সৰকাৰকো আটক কৰি জেৰা চলায় আৰক্ষীয়ে । দুয়োজনকে জেৰা চলোৱাৰ পাছত প্ৰকৃত সত্যটো প্ৰকাশ পাইছিল ।

আৰক্ষীয়ে জনোৱা মতে যোৱা ২৯ নবেম্বৰত আতোৱাৰ আলী নিশা হাউলীত আহি উপস্থিত হৈছিল আৰু আতোৱাৰ আলীয়ে নগদ ১ লাখ টকাত গৌতম সৰকাৰৰ হাতত গাড়ীখন বিক্ৰী কৰিছিল । আনহাতে, গৌতম সৰকাৰে গাড়ীত অহা জলকীয়া গুৰি, হালধি আদি সকলো সামগ্ৰী হাউলীৰ ফৰিদ খান আৰু আলিম খান নামৰ দুজনক হস্তান্তৰ কৰিছিল । পাছত গৌতম সৰকাৰক লগত লৈ আৰক্ষীৰ দলটোৱে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

কিন্তু বাহনখন ইতিমধ্যে গেৰেজত কেইবাটাও টুকুৰা কৰা হৈছিল । পাছত তেনেদৰেই বৰপেটালৈ গাড়ীখন অনা হৈছিল ৷ ঘটনা সন্দৰ্ভত উক্ত গেৰেজটোৰ মালিক দীনেশ সাহকো আৰক্ষীয়ে আটক কৰে ৷

আৰক্ষীয়ে অভিযান চলাই ফাৰিদ খান আৰু আলিম খানৰ দাৱালীয়াপাৰাত ভাড়াত লোৱা অস্থায়ী গুদামৰ পৰা প্ৰায় ১১ কুইন্টল সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আতোৱাৰ আলী, গৌতম সৰকাৰ আৰু দীনেশ সাহক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :বিলাসীপাৰাত ভুৱা চিকিৎসক : জীৱন-মৃত্যুৰে যুঁজিছে আব্দুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.