ETV Bharat / state

বৰপেটাত বাহনসহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ

author img

By

Published : Sep 9, 2020, 7:58 PM IST

বৰপেটাৰ মাজদিয়াত মঙলবাৰে নিশা এখন টাটা ম’বাইল বাহনসহ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ আৰক্ষীয়ে বাহনখন জব্দ কৰে যদিও বাহনৰ চালকগৰাকীয়ে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ৷

barpeta pds rice seized assam etv bharat news
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ

বৰপেটা,9 ছেপ্তেম্বৰ: ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায় ৷ বুধবাৰে বৰপেটাত এনে কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ মাজদিয়াত মঙলবাৰে নিশা এখন টাটা ম’বাইল বাহনসহ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মাজদিয়া আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত আৱণ্টিত প্ৰায় 58 বস্তা চোৰাং চাউল ৷ এএছ 25 ডিচি 3041 নম্বৰৰ এখন টাটা ম’বাইল বাহনে বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে চাউলৰ বস্তা কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৷

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ

ইপিনে,আৰক্ষীয়ে বাহনখন জব্দ কৰে যদিও বাহনৰ চালকগৰাকীয়ে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ তদুপৰি,বুধবাৰে আৰক্ষীয়ে এই বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত থকা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে,বিগত সময়ছোৱাত জিলাখনত অব্যাহত থকা চোৰাং চাউলৰ ব্যৱসায়ৰ বিৰুদ্ধে বিআইইঅ’ই হাউলীত এক অভিযান চলাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰিছিল ৷ ইপিনে বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষীৰ চকুৰ সন্মুখতে গুৱাহাটী-মেঘালয় হৈ বাংলাদেশলৈ এই চাউলৰ চোৰাং ব্যৱসায় চলি থকাৰো এক অভিযোগ উত্থাপন হৈছে ৷ ইফালে জিলাখনত চলি থকা চোৰাং চাউলৰ ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলমান হুছেইনে ৷

লগতে চাওকঃ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ইউপিপিএলৰ নেতা-কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.