বৰপেটা, 24 অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত কৃষকৰ দুৰ্দশা ৷ অঞ্চলটোৰ পথাৰত শুৰ পোকৰ তাণ্ডৱ ৷ বানৰ পাচত খেতিয়কৰ একমাত্ৰ ভৰষাৰ খেতি ডৰা নষ্ট কৰিছে শুৰ পোকে ৷ শুৰ পোকে অনিষ্ট কৰিছে শ-শ বিঘা শালি ধানৰ খেতি ৷
উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী, লাচাংগা, বিলৰটাৰীৰ আদি প্ৰায় শতাধিক গাঁৱৰ কৃষি পথাৰত এতিয়া শুৰ পোকে চলাইছে ধ্বংসলীলা ৷
দুখীয়া খেতিয়কসকলৰ সীমাহীন ক্ষতি সাধন হোৱাৰ পিছতো কিন্তু কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী তথা গ্ৰাম সেৱকে কৃষকৰ খবৰ ল'বলৈ আহৰি পোৱা নাই খেতিয়কসকলৰ । গ্ৰাম সেৱকসকলে খেতিয়কৰ কোনো সমস্যা সমাধান নকৰি ঘৰত বহি কেৱল চৰকাৰী ধন লৈ আছে বুলি মন্তব্য কৰে খেতিয়ক সকলে ৷ যাৰ বাবে দুৰ্ভগীয়া কৃষকসকলে বৰপেটা জিলা প্ৰশাসন তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সুদৃষ্টি কামনা কৰিছে ৷
অন্য এক খবৰৰ বাবে: আজি মহাষ্টমী:শংখ-ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ