বৰপেটা,23 ফেব্ৰুৱাৰী: ৰাজ্যখনত কৰ্মৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বৰপেটাত কৰ্মচাৰীসকলে কৰ্ম বিৰতি পালন কৰে ৷ মঙলবাৰে জিলাখনৰ চৰকাৰী কৰ্মচাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হৈ কৰ্মবিৰতি পালন কৰে ৷
উল্লেখ্য যে, চৰকাৰে ২০০৫ চনৰ পিছত নিযুক্ত কৰ্মচাৰী সকলক নতুন পেঞ্চন নীতিৰ অধীনত নিযুক্তি প্ৰদান কৰা কৰিছিল ৷ কিন্তু চৰকাৰে গ্ৰহণ কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতিখনতে বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনায় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই ৷