ETV Bharat / state

সাংসদ আব্দুল খালেকৰ জনীয়া বিধানসভা সমষ্টিৰ জৰাজীৰ্ণ পথটো

বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়,মন্দিয়া খণ্ড উন্নয়ন কাৰ্যালয়,শিক্ষা খণ্ডৰ কাৰ্যালয়,কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি হাজাৰ হাজাৰ মানুহে যাতায়াত কৰে পথছোৱাৰে ৷ শুকুৰবাৰে পথৰ মাজতে ভূঁই ৰুই ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

পথৰ মাজতে ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Sep 20, 2019, 12:53 PM IST

বৰপেটা,জনীয়া, 20 চেপ্তেম্বৰঃ এটা বিধ্বস্ত পথ,পথটোৱে জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক,বহুবাৰ চৰকাৰক আবেদন নিবেদন জনাইও সুফল নাপাই ধৈৰ্যৰ বান্ধ ছিঙি গ'ল ৰাইজৰ ৷ শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ, ছাত্ৰ ছাত্ৰী ৷ এই ঘটনা বৰপেটা জিলাৰ জনীয়াৰ ৷
৮১ নং জনীয়া গাওঁ পঞ্চায়তৰ এলেকাধীন ৬নং ৱাৰ্ডৰ গ্ৰাম্য পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ পৰা মুক্তি বিচাৰি ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে শুকুৰবাৰে ৷ অতি পুৰণি পথটোৰে হাজাৰ হাজাৰ পথচাৰী অহা-যোৱা কৰে। বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়,মন্দিয়া খণ্ড উন্নয়ন কাৰ্যালয়, শিক্ষা খণ্ডৰ কাৰ্যালয়,কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি হাজাৰ হাজাৰ মানুহে যাতায়াত কৰে পথছোৱাৰে ৷

BARPETA JANIA KMSS ROAD PROTEST NEWS
জনীয়া বিধানসভা সমষ্টিৰ জৰাজীৰ্ণ পথটো

বিভাগী কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰাৰ লগতে স্থানীয় বিধায়ক তথা বৰ্তমানৰ সাংসদ আব্দুল খালেককো বহুবাৰ পথটো মেৰামতিৰ বাবে ৰাইজে আহ্বান জনাইছিল যদিও কোনো সুফল নাপালে ৷ অৱশেষত উপায়ন্তৰ হৈ ৰাইজে ভূঁই ৰুই প্ৰতিবাদ জনাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় ৰাইজ আৰু ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলে শুকুৰবাৰে পুৱা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চৰকাৰক শীঘ্ৰেই পথছোৱা মেৰামতি কৰাৰ দাবী জনাই ৷ এজাক বৰষুণ দিলেই বোকাময় হৈ পৰা পথছোৱাৰে বিদ্যালয়লৈ যাব নোৱাৰে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল ৷

Intro:slug: as_jania_20sep_smss_protest_for_road_vis3+byt3+pho1_spl_pkg_story_asc10058

Anchor: ৰাস্তা মেৰামতিৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। তাৰ মাজত ছষ্ট শ্ৰেণীৰ ছাত্ৰ এজনে বিদ্যালয়লৈ যোৱা পথটো মেৰামতিৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে এনেদৰে। বিদ্যালয়লৈ যোৱা পথটো ভাল কৰি দিয়ক ছাৰ, বিদ্যালয়লৈ যাওঁতে আমাৰ বহুত অসুবিদা হয়। কেতিয়াবা বোকাপানীৰে লুতুৰী-পুতুৰি হয় আমাৰ উনিফর্ম নষ্ট হৈ যায়। এয়া এটি কণমানি ছাত্ৰৰ গৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্বশৰ্মালৈ কাতৰ অনুৰোধ। চাওক এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক ৰিপোৰ্ট -Body:slug: as_jania_20sep_smss_protest_for_road_vis3+byt3+pho1_spl_pkg_story_asc10058

VO: বৰপেটা জিলাৰ ৮১ নং জনীয়া গাওঁ পঞ্চায়তৰ এলেকাধীন ৬ নং ৱাৰ্ডৰ গ্ৰাম্য ৰাস্তাটোয়ে সম্প্ৰতি ৰাইজক জমৰ যাতনা ভোগাইছে। দীৰ্ঘ দিনৰ পৰাই ৰাস্তাটো ৰাইজে মেৰামতি কৰি দিয়াৰ গাওঁ পঞ্চায়তকে ধৰি বিভিন্ন স্তৰত আবেদন নিবেদন জনোৱাৰ পাছতো কানসাৰ নিদিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাস্তাটোত ভূঁই ৰুই প্ৰতিবাদ কৰে। অতি পুৰণি ৰাস্তাটোৰে হাজাৰ হাজাৰ পথচাৰী অহা-যোৱা কৰে। বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, মন্দিয়া খণ্ড উন্নয়ন কাৰ্যালয়, শিক্ষা খণ্ডৰ কাৰ্যালয় কেইবা খনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বজাৰ-সমাৰ কৰাকে ধৰি হাজাৰ হাজাৰ মানুহ সমাগম হয় ৰাস্তাটোত। এজাক কিন কিনিয়া বৰষুণ আহিলেই ছাত্ৰ-ছাত্ৰীৰ স্কুললৈ যোৱাত ব্যাঘাত জন্মে। এই ৰাস্তাবোৰ পঞ্চায়ত প্ৰতিনিধি সকলে কৰিব পাৰে অথচ পঞ্চায়ত প্ৰতিনিধি সকলৰ কৰ্ম দক্ষতা আৰু সদিচ্ছাৰহে অভাৱ দেখা গৈছে। এই ক্ষেত্ৰত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামে জনীয়া গাওঁ পঞ্চায়তৰ সভাপতিয়ে অকল ধন ঘটাত ব্যস্ত নাথাকি ৰাইজৰ হকে কিছু কাম কৰি যোৱাৰ আহ্বান জনাইছে।

(Special Package Story)Conclusion:slug: as_jania_20sep_smss_protest_for_road_vis3+byt3+pho1_spl_pkg_story_asc10058

Byte: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰি সভাপতি, ছাত্র আৰু স্থানীয় ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.