ETV Bharat / state

বৰপেটাত আটক 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰীৰ 3 অভিযুক্ত - 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰী

আৰক্ষীৰ জিম্মাত বৰপেটাৰ ৫০০ কোটি টকীয়া বীমা কেলেংকাৰী 3 অভিযুক্ত ৷ ধৃত অভিযুক্তকেইজন ক্ৰমে মহম্মদ মফিজুদ্দিন, ছিৰাজুল হক আৰু হবিবৰ ৰহমান ৷ সম্প্ৰতি বীমা কেলেংকাৰীটোৰ তদন্তকাৰী বিষয়া সমীৰণ বৈশ্যই জেৰা চলাই আছে অভিযুক্তকেইজনৰ ওপৰত ৷

বৰপেটা
বৰপেটাত আটক 500 কোটি টকীয়া বীমা কেলেংকাৰীৰ 3 অভিযুক্ত
author img

By

Published : Feb 14, 2020, 6:37 PM IST

বৰপেটা ১৪ ফেব্ৰুৱাৰী: ৰাজ্যত সংঘটিত ৫০০ কোটি টকীয়া বীমা কেলেংকাৰীত জড়িত আৰু তিনিজন অভিযুক্ত আৰক্ষীৰ জিম্মাত ৷ ধৃত অভিযুক্তকেইজন ক্ৰমে মহম্মদ মফিজুদ্দিন, ছিৰাজুল হক আৰু হবিবৰ ৰহমান ৷ আটকাধীন মহম্মদ মফিজুদ্দিন তাপাজুলি বিদ্যাভৱন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৷ মফিজুদ্দিনৰ ঘৰ বৰপেটা জিলাৰ জনিয়াত বুলি সদৰী কৰে আৰক্ষীয়ে ৷

বৰপেটাত আটক 500 কোটি টকীয়া বীমা কেলেংকাৰীৰ 3 অভিযুক্ত

মফিজুদ্দিনে আবুল হুছেইন নামৰ এজন অস্তিত্বহীন ব্যক্তিৰ নামত প্ৰদান কৰিছিল ভূৱা শিক্ষাগত প্ৰমান পত্ৰ ৷ উক্ত প্ৰমানপত্ৰৰে আবুল হুছেইনৰ নামত বীমা কৰি পিচত লোকজনৰ মৃত্যু হোৱা বুলি দেখুৱাই বৃহৎ পৰিমাণৰ বীমাৰ ধন উলিয়াই নিছিল ৷ আনহাতে, ধৃত আনজন শিক্ষক ছিৰাজুল হক খান কয়াকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ ছিৰাজুল হকৰ ঘৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত ৷ ছিৰাজুল হক খানে মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ নামত মৃত্যুৰ পিছত ভূৱা পলিচি কৰি বীমাৰ ধন উলিয়াইছিল ৷ তাৰোপৰি হবিবৰ ৰহমান নামৰ বীমা কেলেংকাৰীৰ অভিযুক্ত ব্যক্তি গৰাকী পেচাত এগৰাকী দালাল ৷ ঘৰ বৰপেটা জিলাৰ গাগলমাৰীত ৷ সম্প্ৰতি বীমা কেলেংকাৰীটোৰ তদন্তকাৰী বিষয়া সমীৰণ বৈশ্যই জেৰা চলাই আছে অভিযুক্তকেইজনৰ ওপৰত ৷

উল্লেখ্য যে, বীমা কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৩ জন অভিযুক্তক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে তিনিজনকৈ চিকিৎসক, বীমা কোম্পানীৰ শীৰ্ষ পদাধিকাৰী, বীমা কোম্পানীৰ বিষয়া, বীমা এজেন্ট, গাওবুঢ়া, চৰকাৰী চাকৰিয়াল আৰু দালাল ৷

আৰু পঢ়কঃ তলা ওলমিল বিলাসীপাৰা পৌৰসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.