ETV Bharat / state

বৰপেটা মেডিকেল কলেজৰ ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ নিৰ্মাণ - icu completed

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে । প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ ধনৰাশিৰে আই চি ইউ নিৰ্মাণ কৰা হৈছে । আনহাতে, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দিনে-নিশাই ক'ভিড ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আছে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে । ই টিভি ভাৰতক চিকিৎসালয়খনৰ ভিতৰৰ পৰাই বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে জনালে কৰ্তব্যৰত চিকিৎসকে ।

Barpeta ICU completed
বৰপেটা মেডিকেল কলেজৰ ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ নিৰ্মাণ
author img

By

Published : May 7, 2021, 6:56 PM IST

বৰপেটা, ৭ মে': প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ ধনৰাশিৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ কৰা হ'ল ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ । বৰ্তমান চিকিৎসা মহাবিদ্যালয়খনত মুঠ ১১৩ জন কৰ'ণা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা উপলব্ধ হৈ আছে যদিও সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে নতুনকৈ ভেন্টিলেটৰ সংযোগী ৩২ খন অতিৰিক্ত বিচনাৰ আই চি ইউ সম্পূৰ্ণ কৰি তোলা হৈছে ।

বৰপেটা মেডিকেল কলেজৰ ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ নিৰ্মাণ

পূৰ্বতে হাস্পতালখনত ১৫ খন আই চি ইউ বিচনাৰ ব্যৱস্থা আছিল ৷ এতিয়া বিচনাৰ সংখ্যা ৪৭ হৈছেগৈ । তদুপৰি বৰপেটা অসামৰিক চিকিৎসালয়ত সম্প্ৰতি ১০০ জন ক'ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । ইফালে, বৰপেটা জিলাত কৰ'ণা আক্ৰান্তৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে ৷ বৰপেটাত বিগত ২৪ ঘন্টাত ১৩৮ জন লোক মহামাৰীৰ কবলত পৰিছে ।

জিলাখনৰ ১৭১৬ জন লোক বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত হৈছে ৷ জিলাখনত এই পৰ্যন্ত ২১ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৷

লগতে পঢ়ক:যোৰহাটত ১৮-৪৪ বছৰ বয়সৰ লোকক প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.