ETV Bharat / state

১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

author img

By

Published : Nov 6, 2019, 10:01 AM IST

অহা ১১ নবেম্বৰৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব বৰপেটাৰ হাউলী চহৰৰ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল

১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

বৰপেটা, ৬ নৱেম্বৰঃ শৰতৰ আগমনৰ লগে লগে আৰম্ভ হয় ৰাস মহোৎসৱৰো বতৰ ৷ গোপীসকলৰ সৈতে যমুনাৰ তীৰত ৰাস ক্ৰীড়া কৰা জগতপতি শ্ৰীকৃষ্ণৰ কাহিনী সমূহক লোক সমাজত দাঙি ধৰাৰ বাবেই ৰাজ্যখনত পালন কৰি আহিছে ৰাস মহোৎসৱ ৷ নামনি অসমৰ ৰাস মহোৎসৱ সমূহৰ ভিতৰত হাউলী ৰাসৰ আছে এক সুকীয়া স্থান ৷ অহা ১১ নবেম্বৰৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব বৰপেটাৰ হাউলী চহৰৰ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷ ৰাস মহোৎসৱৰ বাবে নিৰ্মাণ কৰা হ'ব প্ৰায় ৬ শতাধিক মৃন্ময় প্ৰতিমা ৷ শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত আৰু উপনিষদৰ আধাৰত আধ্যাত্মিক দিশৰ লগতে জাতীয় জীৱন প্ৰতিফলিত হোৱাকৈ বিভিন্ন মৃন্ময় মূৰ্তি নিৰ্মাণতো গুৰুত্ব আৰোপ কৰিছে হাউলী ৰাস উদযাপন সমিতিয়ে ৷ হাউলী ৰাস মহোৎসৱত এইবাৰ ধৰ্মীয় দিশৰ উপৰিও অসমৰ চাৰিজনা বৈষ্ণৱ গুৰু,লাচিত বৰফুকনৰ পৰা জয়মতী কুঁৱৰীলৈকে বীৰ বীৰাঙ্গনাসকল,লক্ষ্মীনাথ বেজবৰুৱা,জ্যোতি -বিষ্ণু আদি মনিষী সকলৰ লগতে অস্বিত্ব ৰক্ষাৰ সংগ্ৰামৰ শ্বহীদলৈকে বিভিন্ন বিষয় সামৰি নিৰ্মাণ কৰা হৈছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি ৷ ধৰ্মীয় আধ্যাত্মিক দিশ,জাতীয় ইতিহাস আৰু সাহিত্য কলা সংস্কৃতিক মৃন্ময় মূৰ্তিৰ জৰিয়তে জীৱন্ত কৰি তুলিবলৈ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে গ্ৰহণ কৰিছে অনবদ্য প্ৰয়াস ৷ উদযাপন সমিতিৰ এনে প্ৰয়াসেই হাউলী ৰাসক প্ৰদান কৰি আহিছে অনন্য মহত্ব ৷

উল্লেখ্য যে ৰাস মহোৎসৱ পালনৰ ক্ষেত্ৰত উজনি আৰু নামনি অসমত আছে বৃহৎ পাৰ্থক্য ৷ নামনি অসমত মুলতঃ ৰামায়ণ,মহাভাৰত, বেদ উপনিষদ আদিত বৰ্ণিত বিভিন্ন আখ্যান,উপাখ্যান আদিৰ লগতে শ্ৰীকৃষ্ণৰ লীলাৰ আধাৰত নিৰ্মাণ কৰা মৃন্ময় প্ৰতিমাৰ জৰিয়তে উদযাপন মূল সম্ভাৰেই হৈছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি ৷

লগতে পঢ়ক:মৰিগাঁৱত প্ৰগতিশীল ছাগলী পালকৰ ফাৰ্ম পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

Intro:
বৰপেটা, ৬ নবেম্বৰঃ শৰতৰ আগমনৰ লগে লগে আৰম্ভ হয় ৰাস মহোৎসৱৰো বতৰ ৷ গোপী সকলৰ সৈতে যমুনাৰ তীৰত ৰাসক্ৰীড়া কৰা জগতপতি শ্ৰীকৃষ্ণৰ লীলা সমুহক লোকসমাজত দাঙি ধৰাৰ বাবেই ৰাজ্যখনত পালন কৰা হৈ আহিছে ৰাস মহোৎসৱ ৷ Body:ৰাস মহোৎসৱ পালনৰ ক্ষেত্ৰত উজনি আৰু নামনি অসমত আছে বৃহৎ পাৰ্থক্য ৷ নামনি অসমত মুলতঃ ৰামায়ন, মহাভাৰত, বেদ উপনিষদ আদিত বৰ্ণিত বিভিন্ন আখ্যান, উপাখ্যান আদিৰ লগতে শ্ৰীকৃষ্ণৰ লীলাৰ আধাৰত নিৰ্মাণ কৰা মৃন্ময় প্ৰতিমাৰ জৰিয়তে উদযাপন কৰা হয় ৰাস মহোৎসৱ ৷ উজনি অসমত সত্ৰ, নামঘৰ সমুহত ৰাস লীলা প্ৰদৰ্শনৰ জৰিয়তে ৰাস মহোৎসৱ পালন কৰা হয় ৷ নামনি অসমৰ ৰাসৰ মুল সম্ভাৰেই হৈছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি ৷ নামনি অসমৰ ৰাস মহোৎসৱ সমুহৰ ভিতৰত হাউলী ৰাসৰ আছে এক সুকীয়া স্থান ৷ অহা ১১ নবেম্বৰৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হব বৰপেটাৰ হাউলী চহৰৰ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷ ৰাস মহোৎসৱৰ বাবে নিৰ্মান কৰা হব প্ৰায় ৬ শতাধিক মৃন্ময় প্ৰতিমা ৷ শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত আৰু উপনিষদৰ আধাৰত আধ্যাত্মিক দিশৰ লগতে জাতীয় জীৱন প্ৰতিফলিত হোৱাকৈ বিভিন্ন মৃন্ময় মূৰ্তি নিৰ্মাণতো গুৰুত্ব আৰোপ কৰিছে হাউলী ৰাস উদযাপন সমিতিয়ে ৷ হাউলী ৰাস মহোৎসৱত এইবেলি ধৰ্মীয় দিশৰ উপৰিও অসমৰ চাৰিজনা বৈষ্ণৱ গুৰু, লাচিত বৰফুকনৰ পৰা জয়মতী কুঁৱৰীলৈকে বীৰ বীৰাঙ্গনাসকল, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি বিষ্ণু আদি মনিষী সকলৰ লগতে অস্বিত্ব ৰক্ষাৰ সংগ্ৰামৰ শ্বহীদলৈকে বিভিন্ন বিষয় সামৰি নিৰ্মান কৰা হৈছে বিভিন্ন ধৰনৰ মৃন্ময় মূৰ্তি ৷ ধৰ্মীয় আধ্যাত্মিক দিশ, জাতীয় ইতিহাস আৰু সাহিত্য কলা সংস্কৃতিক মৃন্ময় মূৰ্তিৰ জৰিয়তে জীৱন্ত কৰি তুলিবলৈ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে গ্ৰহন কৰিছে অনবদ্য প্ৰয়াস ৷ আৰু উদযাপন সমিতিৰ এনে প্ৰয়াসেই হাউলী ৰাসক প্ৰদান কৰি আহিছে অনন্য মহত্ব ৷

Conclusion:ডিএলত বাইটঃ কমল দাস, প্ৰতিমা উপ সমিতিৰ সভাপতি ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.