বৰপেটা ২৯ নৱেম্বৰঃ বৰপেটা চহৰত অগ্নিকাণ্ড ৷ বৰপেটাৰ মেটুৱাকুছিৰ নাৰায়ণ দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰটোত নাছিল কোনো লোক ৷ ঘৰটোৰ পৰা ধোৱা ওলাই থকা দেখি চুবুৰীয়াই খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে ততালিকে জুই নিৰ্বাপনৰ ব্যৱস্থা কৰে ৷
![as_bar_fire_at_barpeta_town_img_as10038](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9708016_1.jpg)
আনহাতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰি থকাৰ সময়তে ঘৰত থকা এটা চিলিণ্ডাৰো বিস্ফোৰণ হয় ৷ অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবেই বৰপেটা চহৰৰ মেটুৱাকুছি অঞ্চলটো জুইৰ আগ্ৰাসনৰ পৰা ৰক্ষা পৰে ৷ সন্ধিয়া থাপনাত জ্বলোৱা চাকিৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডত পৰিয়ালটোৰ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় ৷
লগতে পঢ়ক-মিৰ্জাত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন