ETV Bharat / state

Book Fair in Barpeta: ফেচবুক ফ'ৰামৰ উদ্যোগত চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ আৰম্ভ

বৰপেটাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পাঁচদিনীয়াকৈ চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ আৰম্ভ । আমি বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থ উৎসৱৰ (Book Fair at Barpeta)। গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ।

author img

By

Published : Jan 18, 2023, 4:05 PM IST

4th Barpeta Book Festival 2023
আমি বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত গ্ৰন্থ উৎসৱ

বৰপেটা, ১৮ জানুৱাৰী: সাম্প্ৰতিক সময়ত গ্ৰন্থমেলাৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে । গ্ৰন্থমেলা হৈছে জ্ঞান বিস্তাৰৰ এক বহল পৰিসৰৰ মেলা । গ্ৰন্থমেলাক লেখক,পাঠক আৰু প্ৰকাশকৰ মিলনভূমি বুলি আখ্য়া দিয়া হয় । লেখক, প্ৰকাশক আৰু পাঠকৰ উপযুক্ত সংযোগ হ'লেহে গ্ৰন্থমেলাই এক সজীৱ ৰূপ পায় । গ্ৰন্থমেলাই গ্ৰন্থ চেতনা সৃষ্টি কৰে বাবে এতিয়া ইয়াৰ প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰিছে । এতিয়া ৰাজ্য়ৰ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে গ্ৰন্থমেলা ।

বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ (4th Barpeta Book Festival 2023)। আজিৰে পৰা পাঁচদিনীয়াকৈ সত্ৰনগৰী বৰপেটাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে এই গ্ৰন্থ উৎসৱৰ (Barpeta Facebook Forum)। আমি বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱৰ প্ৰবেশদ্বাৰ মুকলি কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ ইয়াৰ পিছতে পতাকা উত্তোলন কৰে চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱৰ সভাপতি কনকেশ্বৰ দেৱ শৰ্মা আৰু কাৰ্যকৰী সভাপতি ৰাতুল দেৱ শৰ্মাই ( Vidyapith Higher Secondary School) ৷

সামাজিক মাধ্যমৰ জৰিয়তে গঢ়ি উঠা আমি বৰপেটা ফেচবুক ফ'ৰামে আয়োজন কৰা এই গ্ৰন্থ উৎসৱত অসমৰ কেইবাটাও আগশাৰীৰ কিতাপ প্ৰকাশনে অংশগ্ৰহণ কৰিছে (Book Fair in Barpeta)। আয়োজক সমিতিয়ে সদৰী কৰা অনুসৰি অসম প্ৰকাশন পৰিষদ, ৰেখা প্ৰকাশন,পাব্লিকেচন গুৱাহাটী,বৰ্ন,সৰস্বতী প্ৰকাশন আদি আগশাৰীৰ প্ৰকাশকে এই গ্ৰন্থ উৎসৱত অংশগ্ৰহণ কৰিছে । পাঁচদিনীয়া গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোগতাসকলে সদৰী কৰিছে । ইপিনে, আমি বৰপেটা ফেচবুক ফ'ৰামৰ চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱৰ মুখ্য পৃষ্ঠপোষক মন্ত্ৰী ৰনজিৎ দাসে উপস্থিত হৈ গ্ৰন্থ উৎসৱৰ বুজ লয় ৷

গ্ৰন্থক পৰম বন্ধু বুলি কোৱা হয় । গ্ৰন্থক মানৱ জীৱনৰ অমূল্য সম্পদ হিচাপে আখ্য়া দিয়া হৈছে । ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই মানৱ সভ্যতাৰ বিকাশত গ্ৰন্থই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । মানৱ জীৱনত গ্ৰন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে বাবে এয়াৰ গুৰুত্ব অপৰিসীম সেয়েহে কিতাপ নথকা ঘৰক খিৰিকীবিহীন কোঠাৰ সৈতে তুলনা কৰে ।

লগতে পঢ়ক:68 People Hospitalised Due To Food Poisoning: হোটেলত বিষাক্ত আহাৰ গ্ৰহণ কৰি অসুস্থ ৬৮ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.