ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই টুইট কৰিলেই হিমন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰে : আব্দুল খালেক

author img

By

Published : Apr 26, 2022, 8:33 PM IST

গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (Barpeta Congress protest over arrest of Jignesh Mevani) ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে বিজেপিৰ বিৰুদ্ধে কৰিলে বহুতো তীৰ্যক মন্তব্য ৷ চাওক সবিশেষ...

Barpeta District Congress protests over arrest of Jignesh Mevani
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই টুইট কৰিলেই হিমন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰে : আব্দুল খালেক

বৰপেটা, ২৬ এপ্ৰিল : এক টুইটক কেন্দ্ৰ কৰি গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা বিগত ২০ এপ্ৰিলত ভদগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক (Jignesh Mevani arrested) লৈ কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ (Jignesh Mevani arrested for controversial tweet against PM) ৷

সমান্তৰালকৈ গুজৰাটৰ কংগ্ৰেছী বিধায়কগৰাকীৰ মুক্তিৰ দাবীত মঙলবাৰে বৰপেটাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বৰপেটা জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি কেকৰাঝাৰলৈ অনাৰ সময়ত মহিলা আৰক্ষী নিয়োগ কৰাক লৈয়ো সাংসদ আব্দুল খালেকে সন্দেহ ব্যক্ত কৰে ৷

উল্লেখ্য় যে, চলিত বৰ্ষৰ 21 এপ্ৰিলত এজন চৰকাৰী কৰ্মচাৰীক দায়িত্ব পালনত বাধা দিয়া আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত জিগনেশ মেৱানীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ (Jignesh Mevani rearrested for assaulting officials) ৷ সম্প্ৰতি এই গোচৰক সম্পূৰ্ণ ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে সাংসদ আব্দুল খালেকে ৷

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীক তৈলমৰ্দনৰ বাবেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছে ৷ চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে এনে ব্যৱস্থা লোৱা হ'ব বুলি এয়া দেশবাসীৰ প্ৰতি এক সকিয়নি বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ইফালে, সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ পঞ্জীয়ন নকৰা বুলিও আৰক্ষীৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰে ৷
লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবেই সাংসদগৰাকীৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা হ্ৰাস কৰা বুলিও অভিযোগ উত্থাপন কৰে ৷ ইফালে সংবাদমাধ্যমৰ যোগেদি সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে বহুতো তীৰ্যক মন্তব্য কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.