বৰপেটা, ৫ ডিচেম্বৰ : পৌৰ নিকায়-নিগমৰ নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি ৷ ৰাজ্যৰ প্ৰতিখন পৌৰসভা এলেকাত নিৰ্বাচনকেন্দ্ৰিক সভা অনুষ্ঠিত কৰা আৰম্ভ কৰিছে বিজেপিয়ে ৷ ইতিমধ্যে বৰপেটা পৌৰসভা এলেকাতো বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক তৎপৰতা ৷
একালৰ অগপৰ দুৰ্গ হিচাপে পৰিচিত বৰপেটা পৌৰসভা এলেকাত বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী তথা জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ নেতৃত্বত ৱাৰ্ডে ৱাৰ্ডে আয়োজন কৰা হৈছে নিৰ্বাচনকেন্দ্ৰিক সভা ৷ বৰপেটা পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত সভা অনুষ্ঠিত কৰি আগতীয়া নিৰ্বাচনী পৰিৱেশ সৃষ্টিৰ চেষ্টা চলাইছে বিজেপিয়ে ৷
উল্লেখ্য যে, অগপৰ সৈতে মিত্ৰতা থকাৰ পাছতো বৰপেটা পৌৰসভাৰ নিৰ্বাচনত সুকীয়াকৈ প্ৰাৰ্থী দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা জিলা বিজেপিয়ে(BJP will not ally with AGP in municipal elections) ৷ বৰপেটা পৌৰসভা অন্তৰ্গত এখন বুথ পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰাৰ পাছতে সংবাদিকৰ আগত বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাসে কয়, এইবাৰ পৌৰসভা নিৰ্বাচন(Municipal Elections 2022)ত বিজেপিয়ে মিত্ৰতা নকৰাকৈয়ে প্ৰাৰ্থী দিয়াটো বিচাৰিছে ৰাইজে ৷
মিত্ৰতাৰ বাবে বুথ পৰ্যায়ত বিজেপিৰে সাধাৰণ ৰাইজৰ দূৰত্ব বৃদ্ধি পাইছে ৷ গতিকে এইবাৰ পৌৰসভা নিৰ্বাচনত অগপৰ সৈতে বিজেপিয়ে মিত্ৰতা নকৰাৰ এক ইংগিত প্ৰদান কৰিছে বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী গৰাকীয়ে(Barpeta district BJP will not ally with AGP) ৷ তেওঁ কয়, আন আন জিলাৰ লগতে বৰপেটাতো মিত্ৰতা অবিহনে বিজেপিয়ে পৌৰসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এক কুচকাৱাজ আৰম্ভ হৈছে ৷
আনকি অগপৰ দুৰ্গ বৰপেটাক কংগ্ৰেছ বিৰোধী দুৰ্গ হিচাপেহে অভিহিত কৰিলে বিজেপিৰ বৰপেটা জিলাৰ প্ৰভাৰী গৰাকীয়ে ৷ বৰপেটা জিলা বিজেপিৰ এনে স্থিতিৰ বিপৰীতে অগপই নিজৰ দুৰ্গ বচাবলৈ কি স্থিতি লয় সেয়া হ'ব লক্ষণীয় ৷
লগতে পঢ়ক: Nagaon police firing : আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত ড্ৰাগছ মাফিয়া