বৰপেটা, 26 নৱেম্বৰঃ বৰপেটা জিলাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ সংহত শিশু উন্নয়ন কাৰ্যসূচীৰ বিষয়ে বুজ লয় জিলা উপায়ুক্তই ৷ মঙলবাৰে বৰপেটা জিলাৰ কলগাছিয়াত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সকলোধৰণৰ আঁচনিৰ বিষয়ে বুজ লয় ৷
প্ৰধান মন্ত্ৰীৰ মাতৃ বন্ধন যোজনাৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃয়ে পাবলগীয়া সুবিধাৰ লগতে অন্যান্য আঁচনি সমূহৰো বুজ লয় উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ উপায়ুক্তৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে অতিৰিক্ত জিলা উপায়ুক্ত অজিত কলিতা আৰু পল্লৱ মজুমদাৰৰ লগতে সমাজ কল্যাণ বিষয়া উজালা খাতুন ৷
লগতে চাওকঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক