ETV Bharat / state

বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন - ৫ জন প্ৰাৰ্থী

দেওবাৰে অনুষ্ঠিত হয় বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন । পুৱা ৮ বজাৰ পৰা ৪ বজালৈ চলিব ভোটগ্ৰহণ ৷ ৫ জন প্ৰাৰ্থীৰ মাজত হৈছে প্ৰতিদ্বন্দিতা ৷

আজি বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন

author img

By

Published : Feb 14, 2021, 3:35 PM IST

বৰপেটা, ১৪ ফেব্ৰুৱাৰী: দেওবাৰে ঐতিহ্যমণ্ডিত দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ বাবে অনুষ্ঠিত হয় ভোটগ্ৰহণ । ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠক বাপজনাৰ দেহাৱসানৰ পিছত খালী হৈ পৰা আসনখন পূৰণৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ প্ৰত্যক্ষ তত্বাৱধানত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।

আজি বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন

সত্ৰনগৰী বৰপেটাৰ মুঠ ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ বৰপেটা সত্ৰৰ বুঢ়াভকত বশিষ্ঠ শৰ্মা, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, হেমেন বুঢ়াভকতকে আদি কৰি বিভিন্নজনৰ লগতে সত্ৰৰ ভোটাৰসকলে ভোট প্ৰদান কৰিছে ৷

উল্লেখ্য যে, ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠক বাপজনাৰ দেহাৱসানৰ পিছত খালি হৈ থকা ডেকাসত্ৰীয়া পদৰ বাবে হেমেন বুঢ়াভকত, গৌতম পাঠক, বাবুল চন্দ্ৰ দাস, উদ্ধৱ দাস আৰু মনোৰঞ্জন অধিকাৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই প্ৰৱৰ্তন কৰা গণতান্ত্ৰিক প্ৰথাৰে সত্ৰাধিকাৰ পদৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে ৷ দেওবাৰে বিয়লি ৪ বজাত ভোটগ্ৰহন সমাপ্ত হোৱাৰ পিছতেই নিশাৰ ভাগলৈ ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:নিৰ্মাণৰ পাচতেই চপৰা-চপৰে খহিছে পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.