ETV Bharat / state

মানুহক দেখুৱাবলৈ নহয় নিজৰ সুৰক্ষাৰ বাবেহে মাস্ক পৰিধান কৰক : টি পি ভূষাল

author img

By

Published : May 9, 2021, 4:40 PM IST

কৰ’ণাক ভয়াৱহ পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে বৰপেটা জিলা প্ৰশাসন ৷ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে কৃত্ৰিম নাটনিৰে মূল্যবৃদ্ধি কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নী ৷

মানুহক দেখুৱাবলৈ নহয়, নিজৰ সুৰক্ষাৰ বাবেহে মাস্ক পৰিধান কৰক : টি পি ভূষাল

বৰপেটা ৯ মে': কৰ’ণাৰ পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে বৰপেটাৰ জিলা প্ৰশাসন ৷ দেওবাৰে বৰপেটা চহৰত ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত টি পি ভূষালে আকস্মিক অভিযান চলায় ৷ কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দোকানী, ব্যৱসায়ীসকলৰ লগতে সকলো নাগৰিকক মাস্ক পৰিধানৰ আহ্বান জনায় ভাৰপ্ৰাপ্ত উপায়ুক্ত গৰাকীয়ে ৷ মানুহক দেখুৱাবলৈ নহয়, নিজৰ সুৰক্ষাৰ বাবেহে মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰৰ আহ্বান উপায়ুক্ত টি পি ভূষালৰ ৷

ইপিনে বজাৰত কৃত্ৰিম নাটনিৰে মূল্যবৃদ্ধি নকৰিবলৈকো ব্যৱসায়ীক সকিয়নী প্ৰদান কৰে জিলা উপায়ুক্তই ৷ কৃত্ৰিম নাটনিৰ দোহাই দি সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ব্যৱসায়ীক সকিয়নী ভাৰপ্ৰাপ্ত উপায়ুক্তগৰাকীৰ ৷

লগতে পঢ়ক : নতুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.