ETV Bharat / state

বৰপেটাত এই পৰ্যন্ত ক’ভিডে প্ৰাণ কাঢ়িছে 63 গৰাকীৰ

author img

By

Published : May 22, 2021, 10:08 PM IST

বৰপেটাত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈছে 4339 গৰাকী লোক ৷ জিলাখনত এই পৰ্যন্ত ক’ভিডে প্ৰাণ কাঢ়িছে 63 গৰাকী লোকৰ ৷ ইপিনে এতিয়ালৈকে বৰপেটাত মুঠ ২০২৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

barpeta covid update
বৰপেটাত এই পৰ্যন্ত ক’ভিডে প্ৰাণ কাঢ়িলে 63 গৰাকীৰ

বৰপেটা, ২২ মে’ : ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ ৰাজ্যৰ বিভিন্ন জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ বৰপেটা জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷

জিলাখনত শনিবাৰে নতুনকৈ ১৮৬ জন লোকৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ দুজন লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ আনহাতে, শনিবাৰে ১৪১ গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

উল্লেখ্য যে, বৰপেটাত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈছে 4339 গৰাকী লোক ৷ জিলাখনত এই পৰ্যন্ত ক’ভিডে প্ৰাণ কাঢ়ি লৈছে 63 গৰাকী লোকৰ ৷

ইপিনে এতিয়ালৈকে বৰপেটাত মুঠ ২০২৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ শনিবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২৩৯ গৰাকী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.