বৰপেটা, ৫ মে': ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ দিশলৈ গতি কৰিছে ৷ প্ৰতিদিনে কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা । মহামাৰীৰ বাবে জটিল হৈ পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা ৷
সেই নিৰ্দেশনা অনুসৰি, বুধবাৰে বিয়লি ২ বজাৰ লগে লগে বন্ধ কৰা হয় বৰপেটা চহৰৰ সকলোবোৰ দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান । চৰকাৰৰ এই নতুন নিৰ্দেশনাৰ বাবে ব্যৱসায়ীসকলৰ যথেষ্ট আৰ্থিক ক্ষতি হ'ব যদিও মানুহৰ জীৱনৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি ২ বজাৰ পূৰ্বেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়ে ব্যৱসায়ীসকলে ৷ বন্ধৰ ফলত সদাব্যস্ত বৰপেটা চহৰ এক প্ৰকাৰ জনশূন্য হৈ পৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:পথ দুৰ্ঘটনাত নিহত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিশ্ব বসু বৈশ্য