ETV Bharat / state

হাজোত উদ্ধাৰ অপহৃত সদ্যজাত শিশু : আৰক্ষীৰ জালত দুই অভিযুক্ত

হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে অভিযানত হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰিলে শুকুৰবাৰে বৰপেটা বাঁহমূৰা গাঁৱৰ পৰা সদ্যজাত অপহৃত শিশুটি ৷ ইয়াৰোপৰি আৰক্ষীৰ জালত পৰে অপহৰণৰ লগত জড়িত দুই অভিযুক্ত ৷ কিন্তু বৰ্তমানো পলাতক অপহৰণকাণ্ডৰ লগত জড়িত মূল অভি়যুক্ত হাছানুৰ আলী ৷

আৰক্ষীৰ জালত দুই অভিযুক্ত
author img

By

Published : Sep 15, 2019, 12:31 PM IST

বৰপেটা, ১5 ছেপ্টেম্বৰঃ অৱশেষত হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে অভিযান চলাই হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰিলে শুকুৰবাৰে বৰপেটা বাঁহমূৰা গাঁৱৰ পৰা সদ্যজাত অপহৃত শিশুটি ৷ ইয়াৰোপৰি আৰক্ষীৰ জালত পৰে অপহৰণৰ লগত জড়িত দুই অভিযুক্ত ৷ কিন্তু বৰ্তমানো পলাতক অপহৰণকাণ্ডৰ লগত জড়িত মূল অভি়যুক্ত হাছানুৰ আলী ৷

হাজোত উদ্ধাৰ অপহৃত শিশু

উল্লেখ্য যে, শুকুৰবাৰে নিশা বৰপেটাৰ বাঁহমূৰা গাঁৱত সংঘটিত হৈছিল শ্বাসৰুদ্ধকৰ শিশু অপহৰণৰ ঘটনা ৷ বৰপেটাৰ কলগাছিয়াৰ সমীপৰ বালিকুৰি গাঁৱৰ বাবুল হুছেইন আৰু নুৰুলা পাৰভিনৰ ১৫ দিনীয়া কন্যা শিশুটো নিশা শুই থকা অৱস্থাত মাতৃৰ বুকুৰ মাজৰ পৰা হাছানুৰ আলী আৰু ইমান আলী নামৰ দুই অপহৰণকাৰীয়ে উঠাই লৈ যায় ৷ অপহৰণকাৰীয়ে শিশুটো লৈ গৈছিল হাজোৰ খোপনিকুছি গাৱঁলৈ আৰু হাজোৰ ৱাইদুল হকক শিশুটো চমজাই দিয়ে ৷

আনহাতে দুই অপহৰণকাৰীৰ ভিতৰত ইমান আলীক সন্দেহৰ ভিত্তিত আটক কৰে গাঁৱৰ ৰাইজে ৷ ইমান আলীয়ে হাছানুৰ আলীৰ লগলাগি শিশুটো অপহৰণ কৰা বুলি স্বীকাৰ কৰাৰ পাচতে গাঁৱৰ উত্তেজিত লোকে ইমান আলীক উত্তম মধ্যম শোধাই অপহৰণকাণ্ডত ব্যৱহৃত ইমান আলীৰ ইয়ন গাড়ীখনো জ্বলাই দিয়ে ৷ ইপিনে ইমান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে শিশুটোক উদ্ধাৰৰ বাবে হাজোৰ বিভিন্ন স্থানত অভিযান চলায় শেষত উদ্ধাৰ কৰে শিশুটি ৷ ৱাইদুল হ'কে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, শ্বিলঙত বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল শিশুটো ৷ ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীৰ তদন্ত অব্যাহত ৷

Intro:বৰপেটা, ১৪ ছেপ্টেম্বৰঃ ওৰ পৰিল বৰপেটাৰ স্বাসৰুদ্ধকৰ শিশু অপহৰণৰ ঘটনাৰ ৷ ২৪ ঘন্টাৰো কম সময়ৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত শিশুটো ৷ বৰপেটা আৰক্ষীয়ে কামৰূপ জিলাৰ হাজোৰ খোপনিকুছি গাৱৰপৰা উদ্ধাৰ কৰে অপহৃত শিশুটো ৷ আনহাতে এই শিশু অপহৰণকাণ্ডৰে জড়িত হাজোৰ ওবাইডুল হ'ক আৰু তেওৰ পত্নী নুৰজাহান পাৰভীনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ Body:শুক্ৰবাৰে নিশা বৰপেটাৰ বাঁহমূৰা গাৱত সংঘটিত হৈছিল স্বাসৰুদ্ধকৰ শিশু অপহৰনৰ ঘটনা ৷ নিশা শুই থকা মাতৃৰ বুকুৰ মাজৰ পৰা হাছানুৰ আলী আৰু ইমান আলী নামৰ দুই পাষণ্ডই অপহৰন কৰিছিল ১৫ দিনীয়া এটা শিশু ৷ বৰপেটাৰ কলগাছিয়াৰ সমীপৰ বালিকুৰি গাৱৰ বাবুল হুছেইন আৰু নুৰুলা পাৰভীনৰ ১৫ দিনীয়া কন্যা শিশুটো শুক্ৰবাৰে নিশা অপহৃত হৈছিল ৷ ঘৰৰ দুৱাৰৰ তলা ভাঙি মাতৃৰ বুকুৰ মাজৰ পৰা শিশুটো অপহৰন কৰি হাছানুৰ আলী আৰু ইমান আলীয়ে শিশুটো লৈ গৈছিল হাজোৰ খোপনিকুছি গাৱলৈ ৷ হাজোৰ ওবাইদুল হ'কক শিশুটো চমজাই দি ঘৰলৈ উভতি অহা দুই অপহৰনকাৰীৰ ভিতৰত ইমান আলীক সন্দেহৰ ভিত্তিত আটক কৰিছিল গাৱৰ ৰাইজে ৷ ইমান আলীয়ে হাছানুৰ আলীৰ লগলাগি শিশুটো অপহৰন কৰা বুলি স্বীকাৰ কৰাৰ পিচতে গাৱৰ উত্তেজিত লোকে ইমান আলীক উত্তম মধ্যম শোধাই অপহৰনকাণ্ডত ব্যৱহৃত ইমান আলীৰ ইয়ন গাড়ীখনো জ্বলাই দিছিল ৷ ইপিনে ইমান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে শিশুটোক উদ্ধাৰৰ বাবে হাজোৰ বিভিন্ন স্থানত অভিযান চলায় ৷ অবশেষত হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে অভিযান চলাই হাজোৰ খোপনিকুছি গাৱৰ পৰা উদ্ধাৰ কৰে অপহৃত শিশুটো ৷ ওবাইদুল হ'কে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, শিশুটো শ্বিলঙত বিক্ৰীৰ বাবে যোগাযোগ চলাই থকা হৈছিল ৷ ইপিনে অপহৰনকাণ্ডৰে ডৰিত মুল অভি়যুক্ত হাছানুৰ আলী এতিয়াও পলাতক অৱস্থাত আছে ৷ ঘটনাটোক লৈ বৰপেটা আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ শিশু অপহৰণৰ এই ঘটনাকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ শিশু অপহৰনৰ সমগ্ৰ চক্ৰটোক উৎখাত কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে ৰাইজে ৷

Conclusion:বাইটঃ পংকজ কাকতি, অতিৰিক্ত আৰক্ষী অধীক্ষক, বৰপেটা

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.