ETV Bharat / state

বি আই ই অ'ৰ অভিযানঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ - barpeta

বৰবালা বজাৰৰ মজনু আলী নামৰ লোকজনৰ গুদামটোত বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত হৈ থকাৰ খবৰ লাভ কৰিয়েই গ'ডাউনটোত অভিযান চলাই বি আই ই অ'ৰ দলটোৱে চাউলসমুহ জব্দ কৰে ৷

barpeta-bieos-operation-pds-rice-saized
বি আই ই অ'ৰ অভিযানঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ
author img

By

Published : Aug 11, 2020, 12:58 PM IST

ৰপেটা, ১০ আগষ্টঃ বৰপেটাত জিলা প্ৰশাসনৰ আশীৰ্বাদত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউলৰ অবাধ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনৰ বিভিন্ন স্থানত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউলৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিলেও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো পোহৰলৈ আহিছে ৷

বি আই ই অ'ৰ অভিযানঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

সোমবাৰে বৰপেটাৰ হাউলীৰ সমীপৰ বৰবালা বজাৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা চমুকৈ বি আই ই অ'ৰ বিষয়াৰ এটা দলে বজাৰখনৰ এটা গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল জব্দ কৰে ৷ বৰবালা বজাৰৰ মজনু আলী নামৰ লোকজনৰ গুদামটোত বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত হৈ থকাৰ খবৰ লাভ কৰিয়েই গুদামটোত অভিযান চলাই বি আই ই অ'ৰ দলটোৱে চাউলসমুহ জব্দ কৰে ৷ বি আই ই অধ্যক্ষ বিপুল চন্দ্ৰ তালুকদাৰ,উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু পৰিদৰ্শক দিলীপ কুমাৰ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷

barpeta-bieos-operation-pds-rice-saized
বি আই ই অ'ৰ অভিযানঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

ইপিনে মজনু আলীয়ে ছহিদুল ইছলাম নামৰ এজন লোকক ভাড়া দিয়া বুলি প্ৰকাশ কৰিছে যদিও ছহিদুল ইছলামৰ কেনো ঠিকনা প্ৰকাশ কৰা নাই ৷ গুদামটোৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ লগতে বৃহৎ সংখ্যক ভাৰতীয় খাদ্য নিগমৰ খালী বস্তা,ষ্ট্ৰীকাৰ আৰু চাউল জোখা ডিজিটেল দগা জব্দ কৰিছে অভিযানকাৰী দলটোৱে ৷ দীৰ্ঘদিন ধৰি বৰপেটা জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে বৰপেটাত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল বৰপেটাৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ চালান হয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷

জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বিপৰীতে বি আই ই অ'ৰ এই অভিযানক লৈ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.