ETV Bharat / state

কন্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যুঃ বৰপেটাত শিল্পী সমাজৰ প্ৰতিবাদ - Barpeta

উদীয়মান কণ্ঠশিল্পী কৰৱী দাস ওৰফে কৃত্তিকা কৰৱীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাৰ শিল্পী সমাজে ৷ তদন্তৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাৰ শিল্পী সমাজে ৷

কন্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যুঃ বৰপেটাত শিল্পী সমাজৰ প্ৰতিবাদ
author img

By

Published : Aug 17, 2019, 9:33 AM IST

বৰপেটা, ১৬ আগষ্টঃ কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত ঋতুপৰ্ণ দাস নামৰ যুৱকজনৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কণ্ঠশিল্পী কৰৱীৰ মৃতদেহ ৷ কৰৱীৰ মৃত্যুৰ পিচতেই কৰৱীৰ ডায়েৰী আৰু মোবাইল ফোনত উদ্ধাৰ হৈছিল প্ৰেমিক ঋতুপৰ্ণই চলাই অহা শীৰিৰীক মানসিক নিৰ্যাতনৰ বহু গোপন তথ্য ৷ প্ৰেমিকৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হোৱা কৰৱীৰ মৃত্যুত শোকস্তব্ধ হৈ বৰপেটাৰ শিল্পী সমাজৰ লগতে বিভিন্ন দল সংগঠনে বৰপেটাৰ পাঁচআলি চ'কত নিশা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

কন্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যুঃ বৰপেটাত শিল্পী সমাজৰ প্ৰতিবাদ

লগতে প্ৰেমিক ঋতুপৰ্ণ দাসক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় স্থানীয় ৰাইজে ৷ আনহাতে স্থানীয় শিল্পী সকলে ৰাইনো ক্লাব চৌহদত বন্তি প্ৰজ্জ্বলন কৰি শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবেও প্ৰাৰ্থনা জনায় ৷ আনহাতে কৰৱীৰ পোষ্টমৰ্টেম ৰিপ'ৰ্টক লৈয়ো ষড়যন্ত্ৰ চলা বুলি সন্দেহ প্ৰকাশ কৰে কণ্ঠশিল্পী গৰাকীৰ পৰিয়ালৰ লোকে ৷

Intro:
বৰপেটা, ১৬ আগষ্টঃ উদীয়মান কণ্ঠশিল্পী কৰৱী দাস ওৰফে কৃত্তিকা কৰৱীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ শুক্ৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰে বৰপেটাৰ শিল্পী সমাজ ৷ তদন্তৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাৰ শিল্পী সমাজে ৷ Body:কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত ঋতুপৰ্ণ দাস নামৰ যুৱকজনৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কণ্ঠশিল্পী কৰৱীৰ মৃতদেহ ৷ কৰৱীৰ মৃত্যুৰ পিচতেই কৰৱীৰ ডায়েৰী আৰু মোবাইল ফোনত উদ্ধাৰ হৈছিল প্ৰেমিক ঋতুপৰ্ণই চলাই অহা শীৰিৰীক মানসিক নিৰ্যাতনৰ বহু গোপন তথ্য ৷ প্ৰেমিকৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হোৱা কৰৱীৰ মৃত্যুত ব্যথিত বৰপেটাৰ শিল্পী সমাজৰ লগতে বিভিন্ন দল সংগঠনে বৰপেটা চহৰৰ পাঁচআলি চ'কত শুক্ৰবাৰে নিশা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হত্যাকাৰী প্ৰেমিক ঋতুপৰ্ণ দাসক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ৷ আনহাতে স্থানীয় শিল্পী সকলে ৰাইনো ক্লাব চৌহদত বন্তি প্ৰজ্জ্বলন কৰি শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনায় ৷ আনহাতে কৰৱীৰ পোষ্টমৰ্টেম ৰিপোৰ্টক লৈয়ো ষড়যন্ত্ৰ চলা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷

Conclusion:বাইটঃ গৌতম দাস ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.