ETV Bharat / state

জালুকবাৰীৰ পৰাই অসম জাতীয় পৰিষদে বজাব নিৰ্বাচনী ৰণডংকাঃ দুলু আহমেদ

author img

By

Published : Jan 31, 2021, 7:08 PM IST

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ দেওবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে বৰপেটাত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷

barpeta-ajp-booth-sabha
জালুকবাৰীৰ পৰাই অসম জাতীয় পৰিষদে বজাব নিৰ্বাচনী ৰণডংকাঃ দুলু আহমেদ

বৰপেটা, ৩১ জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ দেওবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে বৰপেটাত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷ বৰপেটাত দেওবাৰে অসম জাতীয় পৰিষদৰ বুথ সভা সম্পন্ন হয় ৷ বুথ সভাত ভাগ লয় এজেপিৰ উপ সভাপতি তথা বৰপেটা জিলাৰ প্ৰভাৰী দুলু আহমেদে ৷

বুথ সভাত ভাগ লৈ এজেপিৰ উপ সভাপতি তথা বৰপেটা জিলাৰ প্ৰভাৰী দুলু আহমেদে ঘোষণা কৰে যে, জালুকবাৰীৰ পৰাই অসম জাতীয় পৰিষদে বজাব নিৰ্বাচনী ৰণডংকা ৷ অহা ৩ জানুৱাৰীত ৩০ হাজাৰ লোকৰ অংশগ্ৰহণেৰে জালুকবাৰীত অনুষ্ঠিত হব অসম জাতীয় পৰিষদৰ গণ সমাবেশ ৷ তদুপৰি কংগ্ৰেছ আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দল এআইইউডিএফৰ সৈতে কোনো কাৰণতে এজেপিৰ মিত্ৰতা নহয় বুলি মন্তব্য কৰে দুলু আহমেদে ৷

লগতে পঢ়ক: ৰাইজৰ দলেৰে মিত্ৰতা নিশ্চিত এজেপিৰঃ দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.