বৰপেটা, 18 জানুৱাৰী: বৰপেটাৰ সমৃদ্ধ ইতিহাস বিশ্ববাসীৰ আগত তুলি ধৰাৰ প্ৰয়াসেৰে তাঁতীকুছিৰ উদ্যোগত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ পৃষ্ঠপোষকতাত দেওবাৰে 'BARPETA' A BIRDS EYE VIEW নামৰ এখন গ্ৰন্থ উন্মোচন কৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক,কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷ সমষ্টি উন্নয়ন পূঁজিৰ ধনেৰে প্ৰকাশ কৰা গ্ৰন্থখনত ঐতিহ্যনগৰী,সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া,সামাজিক,সাংস্কৃতিক,বৌদ্ধিক আদি সকলো দিশ সামৰি লোৱা হৈছে ৷ বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিৰ উদ্যোগত বৰপেটা সত্ৰৰ বাছ আস্থানত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয় ৷
![বৰপেটাৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ 'BARPETA' A BIRDS EYE VIEW উন্মোচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-01to07-18jan-barpeta-a-birds-eye-view-book-reales-visbitephoto-as10038_18012021092326_1801f_1610942006_426.jpg)
উল্লেখ্য যে,গ্ৰন্থ উন্মোচনী সভা খনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা,গ্ৰন্থখনৰ সম্পাদক ড৹ দয়ানন্দ পাঠক,বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস আদি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ,সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই গ্ৰন্থখনৰ জৰিয়তে বৰপেটাৰ ঐতিহ্যক জানিবলৈ বিচৰা ৰাজ্যখনৰ লগতে দেশ বিদেশৰ লোক সকলো উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে ৷ আনহাতে,গ্ৰন্থখনৰ ৰচক ড৹ দয়ানন্দ পাঠকে গ্ৰন্থখনৰ জৰিয়তে বৰপেটাৰ ঐতিহ্যক বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰ প্ৰয়াস চলোৱা বুলি প্ৰকাশ কৰে ৷
![বৰপেটাৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ 'BARPETA' A BIRDS EYE VIEW উন্মোচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-01to07-18jan-barpeta-a-birds-eye-view-book-reales-visbitephoto-as10038_18012021092326_1801f_1610942006_128.jpg)
ইয়াৰ লগতে শিক্ষাবিদ পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰনাথ দাসক সামাজিক সংস্থা তাঁতীকুছিয়ে 'সমাজদৰদী মথুৰাপুৰী বঁটা' প্ৰদান কৰাৰ লগতে প্ৰয়াত শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসক তাঁতীকুছি বঁটা প্ৰদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি বৰপেটাৰ বিধায়ক গুনীন্দ্ৰনাথ দাসে কয়,বঁটা প্ৰাপ্তিয়ে কাম কৰাৰ আগ্ৰহ বৃদ্ধি কৰে ৷
লগতে পঢ়ক: শিল্পী দিৱসৰ দিনটোতে বৰপেটাৰোডত উন্মোচন হ'ল সুধাকন্ঠৰ প্ৰতিমূৰ্তি