ETV Bharat / state

বেদখলমুক্ত হ’ল বাপুজী মহাবিদ্যালয়ৰ 80 বিঘা ভূমি - বেদখলমুক্ত হ’ল বাপুজী মহাবিদ্যালয়ৰ 80 বিঘা ভূমি

দীৰ্ঘদিন ধৰি বৰশলা গাঁৱৰ ৰাইজে দখল কৰি থকা বাপুজী মহাবিদ্যালয়ৰ ভূমিৰ চাৰিসীমা সোমবাৰে প্ৰতিকুল বতৰৰ মাজতে এইদৰে জোখ মাপ কৰি বাপুজী মহাবিদ্যালয়ক গতাই দিয়া হয় । অৱশেষত সোমবাৰে এই ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হয় প্ৰশাসন ।

barpeta
বাপুজী মহাবিদ্যালয়ৰ ৪০ বিঘা ভূমি বেদখল মুক্ত
author img

By

Published : Apr 12, 2022, 7:16 PM IST

বৰপেটা,১২ এপ্ৰিল: বিগত ৫০ বছৰে বিবাদমান হৈ থকা বাপুজী মহাবিদ্যালয়ৰ নামত থকা ভূমি দখল মুক্ত কৰিবলৈ সক্ষম হ'ল প্ৰশাসন । সৰ্থেবাৰীৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ শিক্ষানুষ্ঠানৰ ভূমি বেদখল মুক্ত হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে (School in Sarthebari under encroachment)। ১৯৭৩ চনতে সৰ্থেবাৰীৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বাপুজী মহাবিদ্যালয়ৰ নামত নামজাৰি হৈছিল বৰশলা গাঁৱৰ ২১৫ নং দাগৰ আৰু ৮২ নং পট্টাৰ ৪০ বিঘা ভূমি । যাক লৈ বিগত বহু বছৰ ধৰি চলি আছিল বিবাদ (Land dispute in Barpeta)।

বাপুজী মহাবিদ্যালয়ৰ নামত থকা এই ৪০ বিঘা ভূমিত অবৈধভাৱে মীন মহল সজাৰ লগতে কবৰস্থান আৰু শ্মশান নিৰ্মাণ কৰি দখল কৰিছিল বৰশলা গাঁৱৰ ৰাইজে । দীৰ্ঘদিনে গাঁওখনৰ ৰাইজে এই ভূমি এৰি নিদিয়াত পদক্ষেপ লৈছিল প্ৰশাসনে । অৱশেষত সোমবাৰে এই ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হয় প্ৰশাসন ।

দীৰ্ঘদিন ধৰি বৰশলা গাঁৱৰ ৰাইজে দখল কৰি থকা বাপুজী মহাবিদ্যালয়ৰ এই ভূমিৰ চাৰিসীমা সোমবাৰে প্ৰতিকুল বতৰৰ মাজতে এইদৰে জোখ মাপ কৰি বাপুজী মহাবিদ্যালয়ক গতাই দিয়া হয় । অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়াৰ লগত মণ্ডল কাননগো সকলে বৰষুণত তিতি তিতিয়েই জুখিলে মাটি ।

উচ্ছেদ কালত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে সোমবাৰে পুৱাৰে পৰা সষ্টম হৈ থাকে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী । আৰু আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত এইদৰে দখল মুক্ত কৰা হ’ল বাপুজী মহাবিদ্যালয়ৰ ৪০ বিঘা ভূমি ।

লগতে পঢ়ক: উৎপাদন নকৰিলে মূল্যবৃদ্ধি হ’বই : জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.