ETV Bharat / state

ৰাইজৰ হাতত আটক বন্ধন বেংকৰ কৰ্মচাৰী - ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা

ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন বন্ধন বেংকৰ ৷ লক ডাউনৰ সময়ত কিস্তিৰ ধন সংগ্ৰহ কৰিবলৈ গৈ ৰাইজৰ হাতত আটক বন্ধন বেংকৰ কৰ্মচাৰী ৷

Bandhan Bank  Installment  Case
ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন বন্ধন বেংকৰ
author img

By

Published : Apr 21, 2020, 1:30 PM IST

জনীয়া, 21 এপ্ৰিলঃ সমগ্ৰ দেশতে অব্যাহত আছে লক ডাউন ৷ দেশজুৰি এই লক ডাউনৰ সময়ছোৱাত বেংকসমূহক ধন সংগ্ৰহৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে বান্ধি দিছিল কিছু নীতি-নিয়ম ৷ কিন্তু ৰিজাৰ্ভ বেংকৰ নীতি-নিয়ম ভংগ কৰি বন্ধন বেংক নামি পৰিছে কিস্তি ধন সংগ্ৰহ কৰাত ৷ তেনে এক ঘটনা সংঘটিত হৈছে জনীয়াৰ কলগাছিয়াৰ বেছিমাৰীত ৷ লক ডাউন ভংগ কৰি বন্ধন বেংকৰ কিস্তি তুলিবলৈ গৈ ৰাইজৰ হাতত আটক হ'ব লগীয়া হ'ল বন্ধন বেংকৰ কৰ্মচাৰী

ৰাইজৰ হাতত আটক বন্ধন বেংকৰ কৰ্মচাৰী

বৰ্তমান সময়ত দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিবলৈও সামৰ্থ নোহোৱা দৰিদ্ৰ পৰিয়ালৰ পৰা বন্ধন বেংকৰ কলগাছিয়া শাখাৰ কৰ্মচাৰী ৰূপম সূত্ৰধৰে আজি লক ডাউন ভাঙি বন্ধন বেংকৰ গোটসমূহৰ পৰা কিস্তিৰ ধন সংগ্ৰহ কৰিবৰ বাবে বেছিমাৰী গাঁৱত উপস্থিত হৈছিল ৷ তাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ৰাইজে কৰ্মচাৰী গৰাকীক ধন সংগ্ৰহৰ সংক্ৰান্তত প্ৰশ্নৰে থকা সৰকা কৰি বহুসময় ধৰি আটক কৰি ৰাখে ৷ উল্লেখযোগ্য যে, লক ডাউনৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে সকলোবোৰ বেংকক তিনিমাহলৈ কিস্তিৰ ধন ৰেহাই দিয়াৰ নিৰ্দেশ দিছিল ৷ কিন্তু এই নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বন্ধন বেংকৰ কৰ্মচাৰীয়ে কিস্তিৰ ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এতিয়া স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিটঃ আধা ঘণ্টাতে হ'ব পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.