জনীয়া,27মে’: উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, ধলাগাছা গাঁৱত বিগত ত্ৰিশ বছৰ ধৰি একেৰাহে বেকী নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি গাঁওখন নিশ্চিহ্ন কৰি পেলাইছে যদিও চৰকাৰ তথা জিলা প্ৰসাশনে কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যাৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইপিনে গৰাখহনীয়াৰ ফলত চপৰা চপৰে খহিছে বেকী নৈৰ গৰা । প্ৰতি বছৰে হাজাৰ হাজাৰ বিঘা শস্য শ্যামলা খেতি পথাৰৰ লগতে শতাধিক লোকৰ ভেটি মাটি উচন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰি আহিছে ।
সম্প্ৰতি বাৰিষাৰ আগে আগে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি ঘোৰামাৰা, ধলাগাছা, বৰটাৰী, সন্তেছপুৰ আদি গাঁৱলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । সেয়ে চৰকাৰে কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ ঘোৰামাৰা গাঁৱৰ ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি, পকেটৰ ধন খৰচ কৰি এইদৰে হাতে কামে আৰম্ভ কৰিছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম । সম্প্ৰতি স্থানীয় ৰাইজে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক দাবী জনাইছে ৷
লগতে পঢ়কঃ কোনে নিছিল পৰেশ বৰুৱাক আলফালৈ ?