জনীয়া,4 মে': বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰাভাজ পাৰঘাটত জালনোটসহ চাৰিজনক গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত বাঘবৰৰ মৰাভাজ পাৰঘাটত প্ৰায় ৭৮ হাজাৰ টকাৰ জালনোটসহ চাৰি সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে মোতালেব নামৰ এজন সৰবৰাহকাৰী ৷
আটক হোৱা সৰবৰাহকাৰী কেইজন ক্ৰমে খাইৰুল ইছলাম, হৰমুজ আলী, মঞ্জিল হক আৰু ছাইফুল ইছলাম ৷ উল্লেখ্য যে, আটকাধীন সৰবৰাহকাৰী কেইজন গৃহৰক্ষীৰ জোৱান আছিল বুলি জানিব পৰা গৈছে ৷ অঞ্চলটোত জালনোট সৰবৰাহৰ লগত আৰু অধিক ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বাঘবৰ আৰক্ষীয়ে ।
লগতে পঢ়ক : পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান