ETV Bharat / state

মন্ত্ৰী হিমন্তক নাইট ক্লাৱলৈ পঠিয়াব আজমলে

শুকুৰবাৰে জনীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ নৃত্য কৰিবলৈ মন্ত্ৰী হিমন্তক নাইট ক্লাৱলৈ পঠোৱা হ’ব বুলি ইতিকিং কৰে আজমলে ।

ajmal criticised himanta
আজমলৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 2, 2021, 10:16 PM IST

জনীয়া,2 এপ্ৰিল : জনীয়া সমষ্টিৰ বামুনটাৰীৰ উদমাৰীস্থিত বি এড কলেজৰ খেল পথাৰত শুকুৰবাৰে AIUDFৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী সভাত ভাষণৰ পাতনিতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় আজমলে ।

আজমলৰ নিৰ্বাচনী প্ৰচাৰ

কাম কৰিব নজনা ড৹ হিমন্ত বিশ্ব শৰ্মাই থিয়েটাৰ বা চাৰ্কাছত নাচিব লাগিব বুলি কটাক্ষ কৰাৰ লগতে চাৰ্কাছত ভাল নালাগিলে তেওঁক নৃত্য কৰিবলৈ নাইট ক্লাৱলৈ পঠোৱা হ’ব বুলি ইতিকিং কৰে আজমলে । ইয়াৰ লগতে তেওঁ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামক বিপুল ভোটত জয়ী কৰিবলৈ জনীয়া সমষ্টিৰ ৰাইজক আহ্বান জনায় আৰু ড৹ হাফিজ ৰফিকুল ইছলাম মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ৷

ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপি সভাপতি, অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীকে ধৰি সকলোৱে বদৰুদ্দিন আজমলৰ নাম নোলোৱকৈ থাকিব নোৱাৰা হৈছে বুলিও তাচ্ছিল্যও কৰে বদৰুদ্দিন আজমলে । ভাষণত দিছপুৰত এইবাৰ মহাজোঁটৰ চৰকাৰ গঠন হোৱাতো নিশ্চিত বুলিও কয় নেতা গৰাকীয়ে ।

লগতে পঢ়ক : মন্ত্ৰী পীযুষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লওকঃ উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.