ETV Bharat / state

নাবালিকাক আক্ৰমণ কৰি আৰক্ষীৰ জালত বৰপেটাৰ যুৱক

বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ'ল ধৃত যুৱকজনক

author img

By

Published : Jun 27, 2019, 9:51 PM IST

নাবালিকাক আক্ৰমণ কৰি আৰক্ষীৰ জালত বৰপেটাৰ যুৱক

বৰপেটা, ২৭ জুনঃ বৰপেটাৰ ৰাজপথত নাবালিকাক চুৰিকাঘাতৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত যুৱকজনক আটক ৷ ধৃত অভিযুক্তটোৰ নাম আকাশ দাস ৷ জানিব পৰা মতে,আকাশ দাস নামৰ অভিযুক্তটোৰ ঘৰ বৰপেটা চহৰৰ পালাংদিহাটীত ৷ বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ অভিযুক্তটোক আটকৰ পিচতেই আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷

উল্লেখ্য যে,মঙলবাৰে আবেলি বৰপেটা চহৰৰে এগৰাকী নাবালিকাক ৰাজপথতে চুৰিৰে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল ধৃত আকাশ দাস ৷ এগৰাকী সহপাঠীৰ সতে টিউচনলৈ বুলি গৈ থকা অৱস্থাত বৃন্দাৱনহাটীৰ শংকৰদেৱ শিশু নিকেতনৰ সন্মুখতে নাবালিকাজনীক বাট আগচি ধৰি চুৰিৰে আঘাত হানিছিল যুৱকজনে ৷ এখন মটৰ চাইকেলত অহা যুৱকজনে নাবালিকা ছাত্ৰীগৰাকীক চুৰিৰে আক্ৰমণ কৰিয়েই মটৰ চাইকেলখন এৰি দৌৰি পলায়ন কৰিছিল ৷ স্থানীয় লোকে ততালিকে নাবালিকা ছাত্ৰী গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছিল ৷ ইপিনে এই ঘটনাটোক লৈ ছাত্ৰীগৰাকীৰ পৰিয়ালে বৰপেটা সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিব পৰা নাছিল যুৱকজনক ৷ অৱশেষত বৃহস্পতিবাৰে পলাতক যুৱকজনক আটক কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষী। ইফালে ছাত্ৰীগৰাকী সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

Intro:বৰপেটা, ২৭ জুনঃ বৰপেটাৰ ৰাজপথত নাবালিকাক চুৰিকাঘাটৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত যুৱকজনক আটক ৷ ধৃত অভিযুক্তটোৰ নাম আকাশ দাস ৷ বৰপেটা চহৰৰ পালাংদিহাটীত ঘৰ অাকাশ দাস নামৰ অভিযুক্তটোৰ ৷ আজি বৰপেটা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ Body:অভিযুক্তটোক আটকৰ পিচতেই আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ মঙলবাৰে আবেলি বৰপেটা চহৰৰে এজনী নাবালিকাক ৰাজপথতে চুৰিৰে আক্ৰমন কৰি আঘাতপ্ৰাপ্ত কৰাৰ পিচৰে পৰা পলাতক হৈ আছিল ধৃত আকাশ দাস ৷ এগৰাকী সহপাঠীৰ সতে টিউচনলৈ বুলি গৈ থকা অৱস্থাত বৃন্দাৱনহাটীৰ শংকৰদেৱ শিশু নিকেতনৰ সন্মুখতে নাবালিকাজনীক বাট আগচি ধৰি চুৰিৰে আঘাত হানিছিল যুৱকজনে ৷ এখন মটৰ চাইকেলত অহা যুৱকজনে নাবালিকা ছাত্ৰীগৰাকীক চুৰিৰে আক্ৰমন কৰিয়েই মটৰ চাইকেলখন এৰি দৌৰি পলায়ন কৰিছিল ৷ স্থানীয় লোকে ততালিকে নাবালিকা ছাত্ৰী গৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰিছিল ৷ ইপিনে এই ঘটনীটেক লৈ ছাত্ৰীগৰাকীৰ পৰিয়ালে বৰপেটা সদৰ থানাত এক গেচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিব পৰা নাছিল যুৱকজনক ৷ অবশেষত পলাতক অৱস্থাত থকা যুৱকজনক আজি আটক কৰে বৰপেটা আৰক্ষীয়ে ৷

সম্প্ৰতি বিপদমুক্ত ছাত্ৰীগৰাকী ৷ Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.