জনীয়া, 4 মাৰ্চ : ‘‘আমাক মুক্তি দিয়ক । আমি মুক্তি বিচাৰো’’ । কেমেৰাৰ সন্মুখতে হুক-হুকাই কান্দিলে এগৰাকী বৃদ্ধাই ৷ কিয়নো আইনৰ মতে, মহিলাগৰাকী বিদেশী ৷
মহিলাগৰাকী হৈছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজসহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ শহিতন নেচা ৷ ৬০ উৰ্দ্ধৰ শহিতন নেচা বৰ্তমান আইনৰ মতে বিদেশী (Assam woman voter gets notice from foreigners tribunal) ৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে, যদি শহিতন নেচা বিদেশী, তেন্তে কেনেকৈ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰিলে তেওঁ ?
তথ্য অনুসৰি, শহিতন নেচাৰ পিতৃৰ নামত ১৯৫১ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অনুসৰি ১৯৬৬, ১৯৭১ চনৰ ভোটাৰ তালিকাতো আছিল নাম ৷ কিন্তু ইমানৰ পাচতো কেনেকৈ মহিলাগৰাকী বিদেশী হ’ল সেয়াহে বৰ্তমান ৰহস্যৰ অৱৰ্তত ৷ ইয়াৰ উপৰিও বৃদ্ধ মহিলাগৰাকীৰ স্বামী বাহাৰ অলীৰ নাম ১৯৫১ NRC, ১৯৬৬, ১৯৭১ চনৰ ভোটাৰ তালিকাত উল্লেখ আছে ৷ শেহতীয়াকৈ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মহিলাগৰাকীৰ স্বামীয়েও প্ৰদান কৰিছে ভোট ।
কিন্তু ইমানখিনি নথি-পত্ৰ থকা স্বত্বেও স্বামী-স্ত্ৰী দুয়োজনৰ নামতে ২০১৯ চনত পাঠশালা FT (Foreigners Tribunal)ৰ পৰা বিদেশী বুলি জাননী আহে । তাৰ পিছতেই বৃদ্ধ বাহাৰ আলীয়ে আদালত দীর্ঘদিন যুঁজি মুক্তি পালে যদিও বৃদ্ধা মহিলাগৰাকীৰ সম্পূৰ্ণ নথি পত্ৰ দাখিল কৰাৰ পিছতো পাঠশালা FT আদালতে বিদেশী বুলিয়েই ঘোষণা কৰে । অৱশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত লাভ কৰে জামিন ৷
উল্লেখ্য যে, এই ভুক্তভোগী পৰিয়ালটোৰ কাষত থিয় দিয়ে ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খান ৷ খানে সীমান্ত আৰক্ষীৰ মিছাগোচৰৰ ভিত্তিতেই অত দিনে পৰিয়ালটোৱে মানসিক আৰু আৰ্থিক শাস্তিৰ সন্মুখীন হ’ব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে ডি ভোটাৰ মঞ্চৰ সম্পাদকগৰাকীয়ে ৷
এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে বেঁকী আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ সৰ্বহাৰা হোৱা একাংশ খাটি খোৱা মানুহক পৰিকল্পিতভাৱে সন্দেহযুক্ত নাগৰিকৰ নামত বিদেশী সজাই হাৰাশাস্তি কৰা হৈ আছে নেকি ? সেয়া এই সময়ৰ এক ডাঙৰ প্ৰশ্ন ?
লগতে পঢ়ক : Eviction drives in Kaziranga animal corridors : কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্চেদ অভিযান